আকাশলংঘী হৈছে ৰন্ধন গেছৰ মূল্য। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘৰুৱা চিলিণ্ডাৰত ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত ১১৪.৫ টকা বৃদ্ধি কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে। ইয়াৰ ফলত ৰাজধানী দিল্লীত ১৪.২ কেজিৰ এটা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৮৫৩ টকাৰ পৰা ৯১৩ টকালৈ বৃদ্ধি পালে। মূল্য বৃদ্ধিৰ কাৰণ দৰ্শাই বিভাগীয় বিষয়াসকলে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে ওচৰ-চুবুৰীয়া দেশৰ তুলনাত ভাৰতত ৰন্ধন গেছৰ মূল্য এতিয়াও নিয়ন্ত্ৰণত আছে বুলি তেওঁলোকে দাবী কৰে। উল্লেখ্য যে, যোৱা ১১ মাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে মূল্য সংশোধন কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ এপ্ৰিল মাহত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি কৰা হৈছিল। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ১০ কোটিতকৈ অধিক হিতাধিকাৰীয়ে অৱশ্যে বছৰি ১২ টা চিলিণ্ডাৰলৈকে ৩০০ টকাকৈ ৰাজসাহায্য লাভ কৰি থাকিব। দিল্লীৰ উপৰি মুম্বাইত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৯১২.৫০ টকা, কলকাতাত ৯৩০ টকা আৰু চেন্নাইত ৯ ২৮.৫০ টকা হৈছে। ৰাজ্যভেদে স্থানীয় কৰৰ পাৰ্থক্যৰ বাবে এই মূল্য ভিন ভিন হোৱা দেখা গৈছে। ইফালে হোটেল-ৰেষ্টুৰেণ্টত ব্যৱহৃত ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য দিল্লীত ১,৮৮৩ টকা হৈছে। উল্লেখযোগ্য যে যোৱা ১ মাৰ্চতো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২৮ টকা বৃদ্ধি কৰা হৈছিল। চলিত বৰ্ষত এতিয়ালৈকে বাণিজ্যিক গেছৰ দাম মুঠ ৩০২.৫০ টকা বৃদ্ধি পোৱাত সাধাৰণ ব্যৱসায়ীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation বিৰোধী শিবিৰত বিভাজনৰ সংকেত? অখিল গগৈৰ পোষ্টক লৈ চৰ্চা মণিপুৰত পৃথক অভিযানত এনআৰএফএম আৰু ইউএনএলএফৰ ৩ সদস্য গ্ৰেপ্তাৰ, উদ্ধাৰ মাৰণাস্ত্ৰ