ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনে অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰখনত কাঢ়ি নিলে চাৰিজনকৈ শ্ৰমিকৰ প্ৰাণ। সোমবাৰে বিয়লি প্ৰায় ৪ বজাত ইটানগৰৰ নীতি বিহাৰত এটা নিৰ্মীয়মাণ স্থানত দেৱাল খহি পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰকৃতিৰ সংহাৰী ৰূপৰ বাবে হঠাতে খহি পৰা মাটি আৰু ধ্বংসাৱশেষৰ তলত সাতজনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, নেৰানেপেৰা বৰষুণৰ বাবে মাটি অধিক কোমল আৰু অস্থিৰ হৈ পৰাত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হয়। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী, আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোকে তৎক্ষণাত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা সাতজন শ্ৰমিকৰ ভিতৰত চাৰিজনক চিকিৎসকে মৃত ঘোষণা কৰে। মৃত শ্ৰমিক কেইজনক ক্ৰমে চকী টাছাৰ, গোদাক ৰাজা, গোদাক টাৰিন আৰু ৰতন বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আনহাতে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা টাটুং তাজিৎ, চকী তাকিঅ’ আৰু হাছিনুৰ আলী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইটানগৰৰ আৰক্ষী অধীক্ষক জুম্মাৰ বাছাৰে সংবাদ মাধ্যমক জনোৱা মতে, বৰষুণৰ বাবে বোকা আৰু ধ্বংসাৱশেষৰ তলত আৱদ্ধ লোকসকলৰ সঠিক স্থান নিৰূপণ কৰাত উদ্ধাৰকাৰী দলটোৱে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰকৃতিৰ এনে আকস্মিক দুৰ্যোগে এতিয়া সমগ্ৰ ইটানগৰতে শোকৰ ছাঁ পেলাইছে। Share this:FacebookX Related Post navigation নাটনি হৈছে গেছৰ ছিলিণ্ডাৰৰ আফগানিস্তানত ৰক্তাক্ত দুৰ্ঘটনা; পাকিস্তানৰ বিমান আক্ৰমণত শতাধিক মৃত্যুৰ আশংকা