পূব ভাৰতৰ ২১ৰ পৰা ২৯ বছৰ বয়সৰ কৰ্মৰত জেন জেডে অৱসৰ পৰিকল্পনাত উল্লেখযোগ্য দূৰদৰ্শিতা প্ৰদৰ্শন কৰিছে, ৬৩% লোকে জীৱন বীমাক অৱসৰ পৰিকল্পনাৰ মূল আহিলা হিচাপে গণ্য কৰে— এই পৰিসংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক, টাটা এআইএ লাইফ ইঞ্চুৰেন্স আৰু নীয়েলছনআইকিউৰ এক বিস্তৃত গৱেষণামূলক অধ্যয়ন অনুসৰি এই তথ্য প্ৰকাশ পাইছে। ‘নিউ এজ হেবিটছ, ট্ৰেডিচনেল ভেল্যুজ: জেন জেডৰ এপ্ৰ’চ টু ফাইনেন্সিয়েল প্লেনিং’ শীৰ্ষক এই অধ্যয়নত ২১–২৯ বছৰ বয়সৰ কৰ্মৰত জেন জেড যুৱক-যুৱতীৰ ওপৰত জৰীপ কৰা হৈছিল। এই প্ৰজন্মই পৰম্পৰাগত বিনিয়োগৰ পছন্দৰ সৈতে আগন্তুক চিন্তাধাৰাৰ বিত্তীয় পৰিকল্পনাৰ এক সুকীয়া মিশ্ৰণ প্ৰদৰ্শন কৰে।

মূল তথ্যসমূহ: ইষ্ট ইণ্ডিয়া জেন জেডসকলে দীৰ্ঘম্যাদী সুৰক্ষা আৰু পৰম্পৰাগত সম্পদৰ মূল্যক অগ্ৰাধিকাৰ দিয়ে; অৱসৰ পৰিকল্পনাই লৈছে মূল ভূমিকা: ৬৩% লোকে অৱসৰ পৰিকল্পনাৰ বাবে জীৱন বীমাৰ কথা বিবেচনা কৰে—যি হৈছে সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক অনুপাত। সুষম বিনিয়োগৰ পদ্ধতি: ৪৩% লোকে ষ্টক বা শ্বেয়াৰত বিনিয়োগ কৰিছে, মধ্যমীয়া ইকুইটিত বিনিয়োগৰ কথা সদৰি কৰিছে, ৪৭% লোকে সোণত বিনিয়োগৰ পক্ষত আছে, পৰম্পৰাগত মূল্য সংৰক্ষণকাৰী সম্পদৰ প্ৰতি উচ্ছাকংক্ষা প্ৰদৰ্শন কৰিছে, ৫৪% লোকে স্থায়ী বা পুনৰাবৃত্তিমূলক জমা ধনৰ ওপৰত নিৰ্ভৰ কৰিছে—যিয়ে সম্পদ সৃষ্টিৰ ক্ষেত্ৰত সতৰ্ক পদ্ধতি প্ৰতিফলিত কৰিছে।

টাৰ্ম বীমা সজাগতা বৃদ্ধি: বৰ্তমান ১১% লোকে টাৰ্ম বীমা পলিচী কৰি ৰাখিছে, ৪৪% লোকে টাৰ্ম বীমা ক্ৰয় কৰাৰ উদ্দেশ্য আগ্ৰহ প্ৰকাশ কৰিছে, যিয়ে উল্লেখযোগ্য উত্থানৰ সম্ভাৱনাৰ ইংগিত দিয়ে। বীমা নিৰ্বাচন: মূল সিদ্ধান্তৰ চালক; জীৱন বীমা বিকল্পসমূহ বাছনি কৰাৰ সময়ত পূব ভাৰতৰ জেন জেডসমূহে অগ্ৰাধিকাৰ দিয়ে: মূল্য অনুকূলন, কৰ দক্ষতা, সেৱাৰ মানদণ্ডৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। ডিজিটেল-প্ৰথম বিত্তীয় তথ্য: ২১% লোকে আৰ্থিক নিৰ্দেশনা আৰু অন্তৰ্দৃষ্টিৰ বাবে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। টাটা এআইএ জীৱন বীমাৰ মুখ্য বিপণন বিষয়া গিৰীশ কালৰাই এই বিষয়ে কয় যে, টাটা এআইএত আমি এই প্ৰজন্মক নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰাত সহায় কৰিবলৈ সহজ, সুলভ আৰু সুৰক্ষা-কেন্দ্ৰিক সমাধানৰ দ্বাৰা সহায় কৰাৰ লক্ষ্য ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *