মেঘালয়ৰ চোহৰাৰ ৱেই ছডং জলপ্ৰপাতত বুধবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। উত্তৰ প্ৰদেশৰ ফ্ৰজাবাদ জিলাৰ পৰা পৰিয়ালৰ সৈতে ফুৰিবলৈ অহা ১৫ বছৰীয়া এগৰাকী কিশোৰী জলপ্ৰপাতটোৰ গভীৰ জলভাগত পৰি সন্ধানহীন হয়। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ অহা কিশোৰীগৰাকীয়ে বিয়লি জলপ্ৰপাতটোৰ সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়তে এই ঘটনাটো ঘটে।

জানিব পৰা মতে, জলপ্ৰপাতটোৰ কাষত ফটো তুলিবলৈ চেষ্টা কৰাৰ সময়তে কিশোৰীগৰাকীৰ ভৰি পিছল খায়। এই খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ এক তালাচী অভিযান চলায়। দিনটোৰ পোহৰ থকালৈকে উদ্ধাৰকাৰীসকলে কিশোৰীগৰাকীক বিচাৰি অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ কৰাত ব্যৰ্থ হয়।

দুৰ্গম ভৌগোলিক অৱস্থান আৰু সূৰ্যাস্তৰ পাছত দৃশ্যমানতা কমি যোৱাৰ বাবে উদ্ধাৰ অভিযান সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয়। জিলাখনৰ ৰাজ্যিক সঁহাৰি বাহিনীৰ এটা দলে আজি পুৱাৰে পৰা পুনৰ এই উদ্ধাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিশোৰীগৰাকীক বিচাৰি বৰ্তমান কৰ্তৃপক্ষই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *