ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপ ২০২৬ অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।এই বিশ্বকাপ ভাৰতৰ কমেও পাঁচখন চহৰ আৰু শ্ৰীলংকাৰ দুখন চহৰত আয়োজন কৰাৰ সম্ভাৱনা আছে। আহমেদাবাদ বা কলম্বোত অনুষ্ঠিত হ’ব এই বিশ্বকাপৰ ফাইনেল। ই নিৰ্ভৰ কৰিব পাকিস্তানৰ ফাইনেলত প্ৰৱেশৰ ওপৰত। আইচিচি আৰু বিচিচিআইৰ মাজত হোৱা চুক্তি অনুসৰি পাকিস্তানে শ্ৰীলংকাত সকলো খেল খেলিব। এক প্ৰতিবেদন অনুসৰি আইচিচিয়ে প্ৰতিযোগিতাখনৰ সময় নিৰ্ধাৰণ কৰি সদস্য ব’ৰ্ডসমূহক এই বিষয়ে অৱগত কৰিছে। অৱশ্যে ইয়াৰ সম্পূৰ্ণ সময়সূচী এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। এই বিশ্বকাপত ২০টা দলে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ ফৰ্মেট ২০২৪ চনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ দৰেই হ’ব।ইয়াত দলসমূহক পাঁচটাকৈ চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব, তাৰ পিছত ছুপাৰ এইট পৰ্যায় আৰু ছেমি ফাইনেল অনুষ্ঠিত হ’ব। ইটালীয়ে প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই পৰ্যন্ত আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড, পাকিস্তান, আয়াৰলেণ্ড, কানাডা আৰু নেদাৰলেণ্ডৰ উপৰিও ডিফেণ্ডিং চেম্পিয়ন ভাৰত, শ্ৰীলংকা আৰু ইটালীকে ধৰি মুঠ ১৫ টা দলে নিজৰ স্থান নিশ্চিত কৰিছে। বাকী পাঁচটা দলৰ ভিতৰত দুটা দল আফ্ৰিকা কোৱালিফায়াৰৰ পৰা আৰু তিনিটাকৈ এছিয়া আৰু ইষ্ট এছিয়া পেচিফিক অঞ্চলৰ কোৱালিফায়াৰৰ পৰা আহিব। Share this:FacebookX Related Post navigation ভাৰতীয় হকীৰ জয়জয়কাৰঃপুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান দেওবাৰে এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ