হোজাই জিলাৰ ডবকাত বন বিভাগ আৰু জিলা প্ৰশাসনে বৃহস্পতিবাৰে এক বিশাল উচ্ছেদ অভিযান আৰম্ভ কৰিছে, যাৰ লক্ষ্য যমুনা মৌডাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬,০০০ বিঘা ভূমি বেদখলমুক্ত কৰা। এই অভিযানৰ অধীনত, দীৰ্ঘদিন ধৰি অবৈধ দখলত থকা এই বনভূমি উদ্ধাৰ কৰিবলৈ প্রশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। চৰকাৰী সূত্ৰ অনুসৰি, এই সংৰক্ষিত বনাঞ্চলত প্ৰায় ১,২৫০ টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আছিল, যাৰ মধ্যে ১৫২ টা পৰিয়ালৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থাকায় তেওঁলোকক সাময়িকভাৱে উচ্ছেদৰ পৰা ৰেহাই দিয়া হৈছে। বাকী ১,০৯৮ টা পৰিয়ালক আইনী প্ৰক্ৰিয়া সম্পূৰ্ণৰ পিছত উচ্ছেদ কৰা হৈছে।

যে কোনো অপ্ৰিতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ ডবকাত কঠোৰ নিরাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত অসম আৰক্ষী আৰু চি আৰ পি এফৰ শ শ জোৱান ম’লত স্থাপন কৰা হৈছে। অভিযানৰ সময়ত ৫০ খনাতকৈ অধিক জে চি বি (JCB) মেচিন ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ ধ্বংসল কৰা হৈছে, আৰু বন বিভাগের বিশেষ মুখ্য সচিব এম কে যাদৱে নিজেই উচ্ছেদ প্ৰক্ৰিয়াৰ তদাৰকী কৰিছিল।

এই উচ্ছেদ অভিযানৰ বিরুদ্ধে হোজাই জিলাৰ বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। একাংশ সংগঠন ইয়াক ৰাজনৈতিক উদ্দেশ্যৰ বাবে কৰা বুলি অভিহিত কৰিছে আৰু উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন দাবী কৰিছে। কিন্তু প্রশাসনে স্পষ্টকৈ দাবী কৰিছে যে সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰাৰ লক্ষ্যে আইন অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমান, যদিও ডবকাৰ পৰিৱেশ উত্তপ্ত, তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *