বিধানসভা নিৰ্বাচনৰ ডংকা বজাবলৈ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণকালত তেওঁ কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰিব। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই বৃহৎ পেকেজে ৰাজ্যৰ ৰাজনীতিতো বিশেষ তাৎপৰ্য বহন কৰিছে।

আজি কোকৰাঝাৰৰ পৰা ভ্ৰমণসূচী আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে বড়ো শান্তি চুক্তিৰ অধীনত ২৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বাশবাৰীৰ ৱাগন মেৰামতি কাৰখানাৰ ভূমি পূজন কৰিব। ইয়াৰ লগতে ৩,২০০ কোটি টকাৰ অধিক ব্যয়ৰ অসম মালা ৩.০ আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৯০০ কিলোমিটাৰ পথ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। বি টি আৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ ১,১০০ কোটি টকা ব্যয়ৰে চাৰিখন উৰণীয়া সেতু আৰু দুখন দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কামাখ্যা-চাৰ্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছসহ তিনিখনকৈ ৰেলৰ ফ্লেগ অফ কৰিব নৰেন্দ্ৰ মোদীয়ে।

সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,৬৮০ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব। ইয়াৰ ভিতৰত চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা বিতৰণ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২২ সংখ্যক কিস্তিৰ ধন মুকলি কৰাটো অন্যতম। লগতে ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলঙত নিৰ্মিত কপিলী জলবিদ্যুৎ প্ৰকল্প আৰু নুমলীগড় শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ সৈতে জড়িত তৈল পাইপলাইন প্ৰকল্পৰো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। কামাখ্যা ৰেল ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণ হ’বলগীয়া ৰ’পৱে প্ৰকল্প আৰু গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া পি এম একতা মলৰ আধাৰশিলাই ৰাজ্যৰ পৰ্যটন আৰু বাণিজ্যিক ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব।

ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ১৪ মাৰ্চত শিলচৰত প্ৰায় ২৩,৫৫০ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখনীয় হ’ল ২২,৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ১৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিলং-শিলচৰ কৰিড’ৰ। এই কৰিড’ৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ যাত্ৰাৰ সময় ৮.৫ ঘণ্টাৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰিব। নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ এই ধাৰাবাহিক ভ্ৰমণ আৰু বৃহৎ বিনিয়োগে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *