ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে গেৰুৱা শিবিৰত এতিয়া তুংগত উঠিছে ৰাজনৈতিক তৎপৰতা। নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাইপ্ৰফাইল নেতাসকলক অসমৰ মজিয়ালৈ অনাৰ এক বিশাল পৰিকল্পনা হাতত লৈছে। শনিবাৰে মঙলদৈ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নিৰ্বাচনী কৌশলৰ কথা ৰাজহুৱা কৰে। নিৰ্বাচনী প্ৰচাৰক অধিক শক্তিশালী কৰিবলৈ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা ইতিমধ্যে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে। এই তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দৰে জনপ্ৰিয় নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। সভাপতি শইকীয়াই সাংবাদিকৰ আগত জনোৱা মতে, দৰঙত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু টংলাত গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় সমিতিক প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয় যে বিজেপিৰ বাবে প্ৰতিটো নিৰ্বাচনেই একোটা প্ৰত্যাহ্বান আৰু দলটোৱে চৰকাৰৰ জনকল্যাণমূলক কামসমূহ লৈয়েই ৰাইজৰ ওচৰলৈ যাব। এই বৈঠকতে সভাপতিগৰাকীয়ে দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বঞ্চিত হৈ বিদ্ৰোহী আচৰণ কৰা জয়ন্ত দাসৰ প্ৰসংগটোও উত্থাপন কৰে। তেওঁ কয়, “দলে সকলো দিশ চালি-জাৰি চাইহে সিদ্ধান্ত লয়। মই জয়ন্ত দাসক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ।” মঙলদৈৰ এই কাৰ্যসূচীত ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ক্ৰমে পৰমানন্দ ৰাজবংশী, নীলিমা দেৱী আৰু কৃষ্ণা সাহাও উপস্থিত থাকে। Share this:FacebookX Related Post navigation হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকি, অৰুণাচলত ধৰা পৰিল অভিযুক্ত অমৰাৰ উপকাৰী গুণৰ বিষয়ে জানেনে