লোকসভাত পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাৰ দ্বিতীয় দিনা গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ বক্তব্য দাঙি ধৰে। আলোচনাৰ একেবাৰে আৰম্ভণিতে গৃহমন্ত্ৰী অমিত শ্বাহে সদনত ঘোষণা কৰে যে পেহেলগাম আক্ৰমণৰ লগত জড়িত তিনিওজন সন্ত্ৰাসবাদীক ‘অপাৰেচন মহাদেৱ’ত নিৰাপত্তাৰক্ষীৰ হাতত হত্যা কৰা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে আলোচনা আৰম্ভ কৰি সদনত কয় যে পেহেলগামত নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰা হৈছিল, তেওঁলোকৰ ধৰ্ম সুধি পৰিয়ালৰ সন্মুখত হত্যা কৰা হৈছিল, এইটো অতি বৰ্বৰতাৰে কৰা হৈছিল, মই ইয়াক তীব্ৰ গৰিহণা দিছো। ‘অপাৰেচন সিন্দুৰ’ৰ বিষয়ে আলোচনা কৰি অমিত শ্বাহে কয় যে এনে এক নৃশংস ঘটনাৰ বিষয়ে আলোচনা আৰু চিন্তা কৰাটো স্বাভাৱিক আৰু ভৱিষ্যতে এনে পুনৰাবৃত্তি ৰোধ কৰাৰ ব্যৱস্থাৰ প্ৰতিও চিন্তা থাকিব লাগে। তেওঁ কয়-কালি অপাৰেচন মহাদেৱত সেনা, চি আৰ পি এফ আৰু আৰক্ষীৰ যৌথ অভিযানত চুলেমান ওৰফে ফৈছাল জাট, আফগান আৰু জিব্ৰাণ নামৰ সন্ত্ৰাসবাদী নিহত হয়। চুলেমান আছিল পেহেলগাম আৰু গগাংগীৰ আক্ৰমণৰ সৈতে জড়িত লস্কৰ-ই-টাইবাৰ এজন কমাণ্ডাৰ। আফগান আৰু জিব্ৰানো আছিল ‘এ’ গ্ৰেডৰ সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবা। বৈসৰণ উপত্যকাৰ আক্ৰমণত এই তিনিজন সন্ত্ৰাসবাদী জড়িত আছিল আৰু তিনিওজনেই নিহত হৈছে। Share this:FacebookX Related Post navigation গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ