চুবুৰীয়া দেশ বাংলাদেশৰ পৰা অবৈধভাৱে সীমা অতিক্ৰম কৰি অহা ১২ গৰাকী অনুপ্ৰৱেশকাৰীক পুনৰ দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে। বৃহস্পতিবাৰে নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য সদৰী কৰে। ‘মিছন ক্লীন আপ’ৰ অধীনত এই অভিযান চলাই ১২ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি পুনৰ নিজ দেশলৈ ওভতাই পঠিওৱা বুলি তেওঁ উল্লেখ কৰে।

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ কথা দোহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই বাৰে বাৰে কৈ আহিছো— অসমে এজনো অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই নিদিয়ে। আপোনালোকৰ প্ৰতিজনকে ওভতাই পঠোৱা হ’ব।” অৱশ্যে এই অনুপ্ৰৱেশকাৰীসকলক কোনখন জিলাৰ পৰা আটক কৰা হৈছিল বা সীমান্তৰ কোনটো ছেক্টৰৰ জৰিয়তে তেওঁলোকক ওভোতাই পঠোৱা হৈছে, সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।

উল্লেখ্য যে, ৰাজ্যত অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ যোৱা বৰ্ষৰ অক্টোবৰ মাহত অসম কেবিনেটে এক বিশেষ এছ অ’ পিত অনুমোদন জনাইছিল। ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইনৰ অধীনত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক এই বহিষ্কাৰ প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰিবলৈ বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *