ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ বিধ্বংসী যুদ্ধই আজি দ্বাদশ দিনত ভৰি দিলে। মধ্যপ্ৰাচ্যৰ আকাশ কঁপাই ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰখাৰ বিপৰীতে উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছে ইৰাণে। লেবাননত ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত যুদ্ধ বিমান আৰু ৰকেট নিক্ষেপেৰে সমগ্ৰ অঞ্চলটোত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

এক প্ৰতিবেদন অনুসৰি, এই ত্ৰিপাক্ষিক যুদ্ধত এতিয়ালৈকে প্ৰায় ১৩০০ লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। কেৱল তেহৰাণতে ৪৬০ জন লোক নিহত হোৱাৰ বিপৰীতে লেবাননত বিগত ২৪ ঘণ্টাত এক লাখৰো অধিক লোক স্থানচ্যুত হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য মতে, যুদ্ধ আৰম্ভ হোৱাৰ পৰা লেবাননত প্ৰায় ৭ লাখ ৬০ হাজাৰ লোকে ঘৰ-বাৰী এৰিবলগীয়া হৈছে। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যুদ্ধ “অতি সোনকালে” শেষ হ’ব বুলি আশা প্ৰকাশ কৰিছে যদিও ইৰাণে বৰ্তমান কোনো ধৰণৰ যুদ্ধবিৰতিৰ আলোচনাত বহিবলৈ অস্বীকাৰ কৰিছে।

যুদ্ধৰ বিভীষিকাই এতিয়া শিক্ষা প্ৰতিষ্ঠান আৰু ঐতিহ্য ক্ষেত্ৰকো স্পৰ্শ কৰিছে। ইৰাণৰ মতে, আমেৰিকা আৰু ইজৰাইলে ইছফাহানত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে। আনহাতে, আমেৰিকাৰ সেনাই এখন প্ৰাথমিক বিদ্যালয়ত চলোৱা আক্ৰমণত ১৬৫ জন লোকৰ মৃত্যু হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে, যাৰ অধিকাংশই আছিল নিষ্পাপ শিশু। ইয়াৰ সমান্তৰালকৈ আই আৰ জি চিয়ে পাৰস্য উপসাগৰৰ পৰা টোপালটো তেলো বাহিৰলৈ যাবলৈ নিদিয়াৰ হুংকাৰ দিছে।

এই যুদ্ধৰ প্ৰভাৱ বিশ্বৰ অৰ্থনীতি আৰু ইন্ধন বজাৰতো স্পষ্টকৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য ১২০ মাৰ্কিন ডলাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ পাছত বৰ্তমান ৯০ ডলাৰত স্থিৰ হৈছে যদিও বজাৰত অস্থিৰতা অব্যাহত আছে। ইন্ধনৰ এই নাটনিৰ বাবে থাইলেণ্ড আৰু ইজিপ্তৰ দৰে দেশসমূহে জৰুৰীকালীন সঞ্চয়ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। মধ্যপ্ৰাচ্যৰ এই প্ৰলয়ংকাৰী যুদ্ধই আগন্তুক দিনত বিশ্বৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি কেনে ভাবুকি কঢ়িয়াই আনে, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় মহল।

Leave a Reply

Your email address will not be published. Required fields are marked *