উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা সক্ৰিয় হোৱা সন্ত্ৰাসবাদীৰ কুচক্ৰক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হোৱাৰ মাজতে আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। বাংলাদেশৰ সৈতে সম্পৰ্ক থকা চৰমপন্থী গোটৰ সৈতে জড়িত থকাৰ সন্দেহত অসম আৰু ত্ৰিপুৰাৰ পৰা ১১ গৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই সংবাদ মাধ্যমক জনোৱা মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত এই সাফল্য লাভ কৰা হয়। আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা লাভ কৰা চোৰাংচোৱা তথ্যৰ আধাৰত বিশেষ টাস্ক ফ’ৰ্চে সোমবাৰে নিশা বৰপেটা, চিৰাং আৰু দৰং জিলাৰ লগতে ত্ৰিপুৰাত এক যোগসূত্ৰ ৰক্ষা কৰি এই অভিযান চলায়। ধৃত ব্যক্তিসকলে দেশৰ বাহিৰত থকা চৰমপন্থী নেটৱৰ্কৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰিছিল আৰু বহিঃৰাষ্ট্ৰৰ পৰা লাভ কৰা নিৰ্দেশনা মৰ্মে কাৰ্য সম্পাদন কৰিছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। আৰক্ষীৰ মতে, গ্ৰেপ্তাৰ হোৱা লোকসকল ‘ইণ্ডিয়ান মুজাহিদিন-কে’ নামৰ এটা নতুনকৈ চিনাক্ত কৰা চৰমপন্থী গোটৰ সৈতে জড়িত। ধৃত ১১ গৰাকীৰ ভিতৰত ১০ গৰাকীক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু এজনক ত্ৰিপুৰাৰ পৰা কৰায়ত্ত কৰা হৈছে। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, এই গোটটোৱে উত্তৰ-পূৰ্বাঞ্চলত কট্টৰপন্থী মতাদৰ্শ প্ৰসাৰ কৰাৰ লগতে সামাজিক অস্থিৰতা সৃষ্টিৰ পৰিকল্পনা কৰিছিল। Share this:FacebookX Related Post navigation যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু প্ৰিয়ংকা পুত্ৰ ৰাইহান, সম্পন্ন হ’ল বাগদান পৰ্ব পুনৰ কৃতিত্ব অৰ্জন পৰিচালক ৰীমা দাসৰ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ বাবে লাভ কৰিলে বিশেষ সন্মান