৫৫ হাজাৰ নগদ ধন জমা আছে ৰাহুল গান্ধীৰ হাতত। দুটাকৈ বেংক একাউণ্টত জমা আছে ২৬.২৫ লাখ টকা। ৰাহুল গান্ধীৰ স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ৯.২৪ কোটি আৰু ১১.১৪ কোটি। ৱায়ানাড সমষ্টিৰ পৰা মনোনয়ন দাখিলৰ শপতনামাত ৰাহুলে দাখিল কৰিছে এই তথ্য। ৩০ টাকৈ কোম্পানীত ৪.৩৩ কোটি টকা ৰাহুল গান্ধীয়ে বিনিয়োগ কৰিছে শ্বেয়াৰ বজাৰত। ২০২২-২৩ বৰ্ষত ৰাহুল গান্ধীৰ উপাৰ্জন আছিল ১.০২ কোটি টকা। সাংসদ হিচাপে পোৱা বেতন, বেংকৰ পৰা পোৱা সুদ আদি ৰাহুলৰ উপাৰ্জনৰ উৎস । ১৮টাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে। Share this:FacebookX Related Post navigation হেইয়াৰৰ শেহতীয়া চুপাৰ হেভি-ডিউটি এয়াৰ কণ্ডিচনাৰ প্ৰৱৰ্তন কৰে, য’ত হেক্সা ইনভাৰ্টাৰ প্ৰযুক্তি আছে কাজিৰঙাত দর্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ