কলকাতা নাইট ৰাইডাৰ্ছৰ (KKR) বাবে এক ডাঙৰ আঘাতস্বৰূপ, শুকুৰবাৰে পেচাৰ হৰ্ষিত ৰাণাক সম্পূৰ্ণ আইপিএল ২০২৬-ৰ পৰা বাহিৰ কৰা হৈছে। শেহতীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত এক অনুশীলন মেচত তেওঁ লিগামেণ্টত লাভ কৰা আঘাটৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।এই দ্ৰুতবেগী বলাৰগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ বিশ্বকাপৰ অনুশীলন মেচৰ সময়ত সোঁ আঁঠুৰ লিগামেণ্টত আঘাট পাইছিল। ইয়াৰ পিছত তেওঁৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু বৰ্তমান তেওঁ এক দীঘলীয়া পুনৰ্সংস্থাপন (rehabilitation) প্ৰক্ৰিয়াৰ মাজৰে পাৰ হ’বলগীয়া হৈছে।কেকেআৰৰ মুখ্য প্ৰশিক্ষক অভিষেক নায়াৰে কয়, “এয়া এক ডাঙৰ আঘাট কিয়নো হৰ্ষিত যোৱা কেইটামান ছিজন ধৰি এই দলটোৰ এক অবিচ্ছেদ্য অংশ হৈ আছিল, য’ত চেম্পিয়নশ্বিপ ছিজনটোও অন্তৰ্ভুক্ত। যোৱা এটা বছৰত এজন ক্ৰিকেটাৰ হিচাপে তেওঁৰ যথেষ্ট উন্নতি হৈছিল।” তেওঁ লগতে কয়, “আমি সদায় হৰ্ষিতৰ অভাৱ অনুভৱ কৰিম, তেওঁৰ বিকল্প বিচাৰি পোৱা সহজ নহয়।”কেকেআৰ দল পৰিচালনা সমিতিয়ে এতিয়া ৰাণাৰ বিকল্প হিচাপে নবদীপ সাইনী, আকাশ মাধৱাল, চিমৰজিৎ সিং, সন্দীপ ৱাৰিয়াৰ আৰু কেএম আচিফৰ নাম বিবেচনা কৰিছে। তেওঁলোকে ইতিমধ্যে কেইবাখনো অনুশীলন মেচত অংশগ্ৰহণ কৰিছে। আচিফ আৰু ৱাৰিয়াৰক বুধবাৰে ইডেন গাৰ্ডেনত কেকেআৰৰ প্ৰথম প্ৰশিক্ষণ শিবিৰৰ বাবে মাতি অনা হৈছিল, আনহাতে চিমৰজিতে মুম্বাইত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ট্ৰায়েলত প্ৰভাৱ বিস্তাৰ কৰিছিল। স্কাউটিং মুৰব্বী বিজু জৰ্জ আৰু উপ-মুৰব্বী মানৱিন্দৰ বিলাই এই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিছিল।ইয়াৰ পিছত বৃহস্পতিবাৰে মুম্বাই ইণ্ডিয়ানছৰ আকাশ মাধৱাল আৰু ৰাজস্থান ৰয়েলছৰ প্ৰাক্তন পেচাৰ সাইনীয়ে চিমৰজিৎ সিঙৰ সৈতে ট্ৰায়েলত যোগদান কৰে। নায়াৰে জনাইছে যে ২৯ মাৰ্চত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আইপিএল ২০২৬-ৰ উদ্বোধনী খেলখনৰ বাবে দলটো মুম্বাইলৈ ৰাওনা হোৱাৰ পূৰ্বেই তেওঁলোকে নতুন খেলুৱৈৰ নাম ঘোষণা কৰিব।নায়াৰে কয়, “যোৱা কেইদিনমানত আমি কেইবাজনো বলাৰক নিৰীক্ষণ কৰিছোঁ। আমাৰ নেতৃত্ব বাহিনীৰ সৈতে আলোচনা কৰি আমি মূল্যায়ন কৰিব বিচাৰিছোঁ যে কোনে এই ভূমিকাটো সঠিকভাৱে পালন কৰিব পাৰিব। আমি এতিয়াও বিচাৰ-বিবেচনা কৰি আছোঁ, আশা কৰোঁ অতি সোনকালে আমি এনে এজনক বিচাৰি পাম যিয়ে দলত ইতিবাচক প্ৰভাৱ পেলাব পাৰে।”তেওঁ লগতে কয় যে তেওঁলোকে বেংগালুৰুৰ বিচিচিআই (BCCI) চেন্টাৰ অফ এক্সেলেন্সৰ পৰা মেডিকেল আপডেটৰ বাবে অপেক্ষা কৰি আছে, য’ত ৰাণাই বৰ্তমান পুনৰ্সংস্থাপন প্ৰক্ৰিয়াৰ মাজত আছে। “স্বাভাৱিকতে হৰ্ষিত এতিয়া বিচিচিআইৰ মেডিকেল টিমৰ তত্ত্বাৱধানত আছে… গতিকে মেডিকেল টিমে আমাক জনোৱাৰ লগে লগে আমি আপোনালোকক অৱগত কৰিম,” নায়াৰে কয়। — পিটিআই Share this:FacebookX Related Post navigation এচিয়ান কাপৰ বাবে থাইলেণ্ডত উপস্থিত ভাৰতীয় অনূৰ্ধ্ব-২০ মহিলা দল