চৰকাৰ-প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তেই এইবাৰ সুদখোৰৰ হাৰাশাস্তিৰ বাবে চৰম পথ বাচি ল’লে এজন লোকে৷ সুদখোৰৰ অত্যাচাৰ সহিব নোৱাৰি শোণিতপুৰৰ মিছামাৰীৰ বাঁহবেৰাৰ উৎপল সিংহ ৰাই নামৰ এজন ব্যক্তিয়ে শেষ কৰিলে নিজৰ জীৱন। বাঁহবেৰাৰ এই পৰিয়ালটোত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ অভিযুক্ত সুদখোৰক ৰাইজে হাতে-লোটে ধৰি গতালে মিছামাৰী আৰক্ষীক৷ Share this:FacebookX Related Post navigation সোৱণশিৰিত ডুব গ’ল এখন কোটিটকীয়া জাহাজ মঙলদৈত ২লাখ ৫হাজাৰ টকাত বিক্ৰী হ’ল এখন ফুলাম গামোচা