মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

পাহাৰৰ পৰা শিলৰ কুৱেৰী খহি পৰি ১০জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু হ্লিমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *