নগাঁৱৰ ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক চৰ্তচার্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰ পাত হোৱাৰ সন্দেহ। হঠাৎ কুলা ধোঁৱাই চানি ধৰে সমগ্ৰ ৰূপহীহাট বজাৰ। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ স্বৰূপ ৰূপহীহাট বজাৰত পুৱাৰ ভাগতেই সংঘটিত হয় বিধ্বংসী অগ্নি কাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নি কাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ভুক্তভোগীৰ। আৰ্শীবাদ ভৱনত থকা কেইবাখনো দোকানৰ ভিতৰত কাপোৰৰ এটা দোকান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈ যায়। Share this:FacebookX Related Post navigation টিকেএমে নতুন ইনোভা হাইক্ৰছ পেট্ৰ’ল জিএক্স (অ’) গ্ৰেড প্ৰৱৰ্তন কৰিছে লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনা