নতুন দিল্লী: আগন্তুক সংসদৰ বিশেষ অধিৱেশনত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক উত্থাপনৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। আনহাতে, চৰকাৰৰ এই পদক্ষেপক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শনিবাৰে নতুন দিল্লীৰ ইন্দিৰা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ অভিযোগ অনুসৰি, প্ৰস্তাৱিত সংবিধান সংশোধনীৰ জৰিয়তে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰাৰ পাছতহে মহিলাৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব। লগতে ২০৫১ চনলৈকে সংশোধিত আসন আবণ্টন আৰু সমষ্টিৰ সীমা অপৰিৱৰ্তিত ৰখাৰ পৰিকল্পনাও কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। সংবাদমেলত গান্ধীয়ে কয় যে ভোট চুৰিৰ অভিযোগক লৈ বিজেপি চৰকাৰক প্ৰশ্ন কৰাৰ পাছতে দলটোৱে নতুন ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে। তেওঁৰ মতে, লোকসভাৰ আসনৰ সংখ্যা ৮৫০লৈ বৃদ্ধি কৰি নিৰ্বাচনী মানচিত্ৰ নতুনকৈ প্ৰস্তুত কৰাৰ সুযোগ সৃষ্টি কৰিব বিচৰা হৈছে। ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে এই প্ৰক্ৰিয়াই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক দুৰ্বল কৰি তুলিব পাৰে। তেওঁৰ ভাষ্য অনুসৰি, ৮৫০খন আসনৰ ব্যৱস্থাই বিজেপিক নিজৰ ৰাজনৈতিক সুবিধা অনুসৰি দেশৰ নিৰ্বাচনী মানচিত্ৰ পুনৰ প্ৰস্তুত কৰাৰ সুযোগ দিব। এই ব্যৱস্থাক তেওঁ এখন শিল্পীক দিয়া উকা কেনভাছৰ সৈতে তুলনা কৰি কয় যে ইয়াৰ জৰিয়তে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিজৰ ইচ্ছা অনুসৰি সমষ্টিৰ মানচিত্ৰ আঁকিব পাৰিব। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু বিৰোধী দলৰ মাজত ৰাজনৈতিক মতানৈক্য ক্ৰমাৎ বৃদ্ধি পাইছে। আগন্তুক সংসদৰ বিশেষ অধিৱেশনত এই বিষয়টোৱে দেশৰ ৰাজনীতিত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation গুৱাহাটী, পলাশবাৰী আৰু শ্বিলঙত EDৰ অভিযান, উদয় চৌৰাছিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নগদ ধনসহ বহু নথি-পত্ৰ জব্দ