বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়! পৰাজয় স্বীকাৰ বিৰোধী পক্ষৰ…লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে জয় নিশ্চিত বিজেপি প্ৰাৰ্থীৰ। লোকসভাৰ দুখন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু কোনো এগৰাকী বিৰোধী প্ৰাৰ্থীয়ে এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰিলে।ৰাজ্যসভাৰ ক্ষেত্ৰত অসমত খালী থকা দুই আসনৰ বাবে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে। প্ৰথমখন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু দ্বিতীয়খন আসনৰ বাবে মিছন ৰঞ্জন দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ একাংশ নেতা মন্ত্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *