অহা ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক৷ অলিম্পিকত একমাত্ৰ অসমীয়া খেলুৱৈ হিচাপে অংশ ল’ব মহিলা বক্সাৰ লাভলিনা বৰগোহাঁয়ে৷ বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ কঢ়িয়াই আনিছিল লাভলিনাই৷ লাভলিনাক শুভেচ্ছা জনোৱাৰ বাবে অসম বক্সিং সন্থাৰ অভিনৱ পদক্ষেপ৷ গামোচাত ৰাজ্যৰ বহু খেলুৱৈ-সংগঠক তথা বিশিষ্ট ব্যক্তিৰ স্বাক্ষৰ কৰিব আৰু এই স্বাক্ষৰ সম্বলিত গামোচাখন লাভলিনাক পেৰিছত প্ৰদান কৰা হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *