মাজুলী-যোৰহাট সংযোগী এখন দলং মাজুলীবাসীৰ দীৰ্ঘদিনৰ এক সপোন। কিন্তু পুনৰ আন এক সমস্যাই গা কৰি উঠিছে মাজুলী- যোৰহাট সংযোগী দলঙক লৈ। কিয়নো দলং নিৰ্মাণ কামৰ পৰা অব্যাহতি দিয়া হ’ল ঠিকাদাৰক।দলং নিৰ্মাণ কাৰ্যৰ পৰা চৰকাৰে অব্যাহতি দিলে ইউ পি ষ্টেট ব্ৰিজ কৰ্প’ৰেচন লিমিটেডক। এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, শীঘ্ৰেই নতুন ঠিকাদাৰক বাছনি কৰিবলৈ নিবিদা জাৰি কৰা হ’ব।মাজুলী ৰাইজৰ দীৰ্ঘদিনৰ সপোন মাজুলী- যোৰহাট সংযোগী দলং। কিয়নো মাজুলীৰ দক্ষিণ পাৰ সংযোগ কৰাৰ একমাত্ৰ ভৰষা আছিল ফেৰীকেইখন। যাৰ বাবে বছৰৰ বছৰৰ পাছত মাজুলীবাসী বহু সমস্যাৰ সন্মুখীন হৈ আহিছিল আৰু এখন দলঙৰ দাবী জনাইছিল। মাজুলীবাসীৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ২৯ নৱেম্বৰত মাজুলী- যোৰহাট সংযোগী দলঙৰ খুঁটাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভণিৰ ঘোষণা কৰিছিল।ইউ পি ষ্টেট ব্ৰিজ কৰ্প’ৰেচনৰ পৰা দলং নিৰ্মাণৰ উপ- ঠিকা লৈছিল ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে। উপ- ঠিকা লোৱাৰ পাছতেই কোম্পানীটোৱে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও যোৱা ৬ ছেপ্টেম্বৰৰ পৰা যোৰহাট- মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম স্থগিত হৈ আছিল। আধাতে কাম সামৰি ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলং নিৰ্মাণৰ কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ সকলো সামগ্ৰী লৈ যায়। ইয়াৰ মাজতে পুনৰ এবাৰ মাজুলীবাসীৰ আশাত চেঁচা পানী পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *