আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী।৩০ জানুৱাৰীত বাপুৰ মৃত্যুবাৰ্ষিকীত সমগ্ৰ দেশে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ইয়াক শ্বহীদ দিৱস হিচাপে পালন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাজধানী নতুন দিল্লীৰ ৰাজঘাটত গান্ধীৰ স্মাৰক পৰিদৰ্শন কৰে। তেওঁলোকে স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানৰ স্মৰণত পুষ্পাঞ্জলি আগবঢ়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।তেওঁৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। তেওঁক সন্মানসহকাৰে “জাতিৰ পিতা” বুলি কোৱা হয়। ইয়াৰ উপৰিও, তেওঁক বাপু আৰু মহাত্মা উপাধিও দিয়া হৈছিল। মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাৰ নীতিৰ ওপৰত আধাৰিত এক অনন্য আন্দোলনক নেতৃত্ব দি ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম হৈছিল ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত । ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা হাউচত নাথুৰাম গডছে তেওঁক গুলীয়াই হত্যা কৰে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল সমগ্ৰ দেশবাসীয়ে । উল্লেখযোগ্য যে, মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতেই ৩০ জানুৱাৰীত শ্বহীদ দিৱস পালন কৰা হয় ৷ মহাত্মা গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে হোৱা শোভাযাত্ৰাক স্বাধীন ভাৰতৰ আটাইতকৈ বৃহৎ অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰা বুলি কোৱা হয়। গান্ধীজীক শেষ শ্ৰদ্ধা জনাবলৈ প্ৰায় ১০ লাখ মানুহে পদযাত্ৰা কৰি আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *