এক ভয়ংকৰ ঘটনা।তথ্য অনুসৰি, এই ঘটনাত কমেও ৭০জন লোক নিহত হৈছে।শনিবাৰে নাইজাৰৰ চুলেজা অঞ্চলৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়, যেতিয়া কিছুমান লোকে জেনেৰেটৰ ব্যৱহাৰ কৰি এখন টেংকাৰৰ পৰা আন এখন ট্ৰাকলৈ গেছ’লিন স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছিল।ৰাজ্যখনৰ ডিক্কো অঞ্চলৰ কেইবাজনো বাসিন্দা গেছ’লিন টেংকাৰৰ পৰা ইন্ধন উলিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত এক প্ৰচণ্ড বিস্ফোৰণ হয়।স্থানীয় সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি, এই ঘটনাত কমেও ৭০জন লোক নিহত হৈছে। নাইজাৰৰ ৰাজ্য চৰকাৰে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আৰু অঞ্চলটোত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰিবলৈ স্থানীয় মানৱতাবাদী সংস্থাসমূহক আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *