শাওণৰ শেষৰটো সোমবাৰত বিহাৰত ভয়ংকৰ অঘটন! সিদ্ধেশ্বৰ ধাম মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু, আহত বহু ভক্ত । বিহাৰৰ জাহানাবাদত শাওণৰ শেষৰটো সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অঘটন। মখদুমপুৰৰ ৱানাৱাৰৰ সিদ্ধেশ্বৰ মন্দিৰত পদপিষ্ট হৈ মৃত্যু হৈছে ৭ জনকৈ লোকৰ। আনহাতে, আহত হৈছে বহুজন। আহত বহু লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ঘটনাৰ পিছতে জনতাক নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হয় আৰক্ষী প্ৰশাসনৰ দল।উল্লেখযোগ্য যে, শাওণৰ শেষৰটো সোমবাৰ উপলক্ষে বিহাৰৰ জাহানাবাদৰ সিদ্ধেশ্বৰ মন্দিৰত পূজাৰ বাবে ভক্তৰ অগণন ভিৰ পৰিলক্ষিত হয়। মন্দিৰত দেখা যায় ভক্তৰ দীঘলীয়া শাৰী। আৰক্ষীৰ মতে, এই উপলক্ষে মহাদেৱক জলাভিষেক অৰ্পণ কৰিবলৈ মন্দিৰলৈ যোৱা বাটত চিৰিৰ সমীপত হঠাতে হুলস্থুলৰ সৃষ্টি হয়। যাৰ ফলত ৭ গৰাকীকৈ ভক্তৰ পদপিষ্ট হৈ মৃত্যু হয় আৰু বহু ভক্ত আহত হয়। মৃতদেহবোৰ জাহানাবাদ সদৰ চিকিৎসালয়লৈ অনা হৈছে। ইয়াৰ সমান্তৰালকৈ আহত বহুলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। Share this:FacebookX Related Post navigation এনএমআইপিএলে জনপ্ৰিয় মেগনাইট এছইউভি বাহনত আগবঢ়াইছে বিশেষ ‘ফ্ৰিডম অফাৰ’ নকল সোণৰ নাওঁ জব্দ