দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ। এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ যাত্ৰা বিলম্ব হোৱাক লৈ যাত্ৰীৰ হাহাকাৰ। পুৱা ৭.২০ বজাত দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আছিল বিমানখন। বিয়লি ২ বজাতহে বিমানখনে যাত্ৰা কৰিব বুলি যাত্ৰীসকলক জনায় কৰ্তৃপক্ষই। বিমানখনত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। আন কেইবাগৰাকীও বিজেপি নেতা আছিল গুৱাহাটীমুখী বিমানখনত। এতিয়াও বিমানখনৰ ভিতৰতে আছে গুৱাহাটী অভিমুখী আন যাত্ৰীসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *