পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বাগৰি বনাঞ্চলৰ দ্বাৰমুখত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফিটা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালককে ধৰি বহু গন্যমান্য ব্যক্তি। বাগৰি বনাঞ্চলৰ লগতে মুকলি কৰা হয় কহঁৰা আৰু বুঢ়া পাহাৰ বনাঞ্চলো। জীপ ছাফাৰীৰে আৰম্ভ ২০২৪-২৫ৰ পৰ্যটন বৰ্ষ। দ্বাৰ মুকলিৰ পিছতে জীপ ছাফাৰী কৰে মন্ত্ৰীকেইগৰাকীয়ে। Share this:FacebookX Related Post navigation পুনৰ দাম বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজ ২০২৪: ৩৩ কোটিৰো অধিক ব্যৱহাৰকাৰীৰ ভ্ৰমণৰ সৈতে এক উৎসৱৰ সমাৰোহ