ৰাজ্যত যেন নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নাৰী নিৰ্যাতন। বিগত ২-৩ দিন ধৰি বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে জঘন্য কাণ্ড। ধাৰাবাহিকভাৱে একাংশৰ কামনাৰ বলি হৈ আহিছে কিশোৰী, যুৱতী নাবালিকাকে ধৰি বোৱাৰীও। ক’ৰবাত যদি মন্দিৰৰ পূজাৰী, ক’ৰবাত আকৌ ৭০ বছৰীয়া বৃদ্ধই সংঘটিত কৰিছে অমানৱীয় কাণ্ড। ধিঙৰ কাণ্ডক লৈ ৰাজ্যজুৰি চলি থকা প্ৰতিবাদকো আওকাণ কৰি একাংশ নৰপিশাচে পূৰণ কৰি গৈছে নিজৰ কামনা।আৰু কিমান? এইবাৰ এম্বুলেন্সৰ ভিতৰতে কামনাৰ বলি হ’ল ৰুগীয়া কিশোৰী।অভিযোগ অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়তে কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰাত কৌশলগতভাৱে পলায়ন কৰে চালকগৰাকীয়ে। বৰ্বৰ কাণ্ড সংঘটিত কৰা এম্বুলেঞ্চৰ অভিযুক্ত চালকজনৰ নাম চামচুল হক বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে আৰক্ষী থানত এজাহাৰ দাখিল কৰে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে।আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত চামচুল হকক। সম্প্ৰতি ছিপাঝাৰ আৰক্ষীৰ জিম্মাত আছে ধৃত চামচুল হক।

Leave a Reply

Your email address will not be published. Required fields are marked *