পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বুধবাৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে।আদালতত চি বি আইৰ ফালৰ পৰা কোৱা হৈছিল যে, সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক তেওঁলোকে সোধপোছ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মঙ্গলবাৰে চিবিআইয়ে তিহাৰ কাৰাগাৰতে কেজৰিৱালক পৰীক্ষা কৰি সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *