তিলৰ লাৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰী হ’ব পাৰে আপুনি জানেনে ? যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।তিলক ভাৰতীয় খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ শীতকালত মানুহে ইয়াক বেছিকৈ খায় কাৰণ ইয়াৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ থাকে ৷ ইয়াৰ পৰা তৈয়াৰ কৰা লাৰু-পিঠা বিশেষকৈ মাঘৰ বিহুৰ সময়ত খাবলৈ সকলোৱে পচন্দ কৰে ৷আপুনি জানিলে আচৰিত হ’ব যেআমাৰ শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰখাত সহায় কৰে তিলে ৷ উল্লেখযোগ্য যে তিলত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, ফাইবাৰ, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ আৰু ভিটামিন বি আদি পুষ্টিকৰ উপাদান থাকে।যিবোৰ আমাৰ শৰীৰৰ সামগ্ৰিক বিকাশৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত হয় ৷ সেয়েহে বহু গুণেৰে সমৃদ্ধ এই তিলক ছুপাৰফুড বুলি গণ্য কৰা হয় ৷ এতিয়া জানো আহক তিলৰ এই লাৰুবোৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী হ’ব পাৰে জানেনে ?তিল আৰু গুড়ৰ পৰা তৈয়াৰী এই লাৰুৱে শৰীৰক গৰম কৰি ৰখা, হাড় মজবুত কৰা আৰু শক্তি বৃদ্ধি কৰাত সহায় কৰে ৷ই বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল বৃদ্ধি কৰে, যাৰ ফলত হাৰ্ট এটেক আৰু অন্যান্য হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷ Share this:FacebookX Related Post navigation গড্ৰেজ ইণ্ডাষ্ট্ৰিজৰ নাদিৰ গোদ্ৰেজ দায়িত্বশীল এআই গ্ৰহণৰ পোষকতা কৰে আজি সমগ্ৰ দেশৰ বাবে ‘ক’লা দিন’