ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ইচ্ছাপুৰত যাতায়তৰ নামত দুৰ্ভোগ ৰাইজৰ ।স্থানীয় গ্ৰাম্যপথৰ শোচনীয় অৱস্থাৰ ফলত যাতায়ত বিঘ্নিত হৈ পৰাত প্ৰতিবাদ মুখৰ হৈ পৰে অঞ্চলটোৰ জনসাধাৰণ ।মূলতঃ অঞ্চলটোৰ ছাত্র-ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজে ইচ্ছাপুৰৰ পৰা তুলসীবাৰী সংযোগী পথেৰে শিক্ষা ,স্বাস্থ্য ,ব্যৱসায়কে ধৰি বিভিন্ন কাম কাজৰ বাবে আহ যাহ কৰে ।কিন্তু বাৰিষা কালত পথচোৱা শোচনীয় হৈ পৰাৰ লগতে নোনা নৈৰ ওপৰত থকা দলংখনৰ অৱস্থাও শোচনীয় হৈ পৰাত যাতায়ত বিঘ্নিত হৈ পৰিছে অঞ্চলবাসীৰ ।আনকি গুৰতৰভাবে অসুস্থ ৰোগীৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ অহাৰ অভিযোগ ৰাইজৰ ।নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু অঞ্চলটোৰ ৰাইজৰ যাতায়ত সমস্যাৰ সমাধানহে নহয় বুলিও তীব্ৰ আক্ষেপ প্ৰতিবাদী ৰাইজৰ ।স্থানীয় বিধায়ক ভবেশ কলিতাৰ গুৰুত্ব হীনতাৰ অভিযোগ তুলি বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল প্ৰতিবাদকাৰীৰ । ঠায়ে ঠায়ে বোকা পানীৰে কৃষি পথাৰ সদৃশ হৈ পৰা পথচোৱা শীঘ্ৰে নিৰ্মাণৰ পদক্ষেপ গ্ৰহণৰ বাবে বিধায়ক গৰাকীক সজোৰে দাৱী জনাই প্ৰতিবাদকাৰী জনতাই । Share this:FacebookX Related Post navigation টাটা ট্ৰাষ্টে চেফ সঞ্জীৱ কাপুৰক লৈ স্তন কৰ্কট সজাগতা চলচ্চিত্ৰ মুকলি কৰে GMCHত ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিৰ মৃত্যুৰ অভিযোগ