আপোনাৰ বাৰু দৈ প্রিয় নেকি?যদি দৈ খায় ভাল পায় তেন্তে প্ৰতিবেদনটো সম্পূৰ্ণকৈ পঢ়িব।বহুতে কয় যে দৈ শীতকালত খাব নালাগে, কিন্তু এয়া বাৰু কিমান দূৰ সঁচা!এই কথা আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক আপুনি।আয়ুৰ্বেদত দৈক গৰম খাদ্য বুলি গণ্য কৰা হয় ৷

শীতকালত দৈয়ে শৰীৰক উপকৃত কৰিব পাৰে ৷এই সময়ছোৱাত দৈয়ে শৰীৰক তাপ প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷শৰীৰ সুস্থ অধিকাৰী হ’বলৈ হ’লে দৈ খোৱাটো অত্যন্ত জৰুৰী ৷ কিন্ত শীতকালত দৈ খোৱাক লৈ বহু মানুহেই বিভ্ৰান্তিত পৰে ৷ সমান্তৰালকৈ বহুতেই বিশ্বাস কৰে যে দৈ ঠাণ্ডা ৷ সেয়েহে শীতকালত দৈ খোৱাৰ পৰিমাণ হ্ৰাস কৰিব লাগে ৷

উল্লেখযোগ্য যে দৈ হৈছে কেলচিয়াম আৰু ভিটামিন ডি-ৰ এক উৎকৃষ্ট উৎস, যিয়ে হাড় শক্তিশালী কৰে ৷লগতে দৈ নিয়মীয়াকৈ খোৱাৰ ফলত হাড় শক্তিশালী হয় ।দৈত কেলৰি কম থাকে, যাৰ ফলত ই ওজন হ্ৰাসৰ বাবে আদৰ্শ আহাৰ হয় ৷ দৈত থকা প্ৰ’বায়োটিকবোৰে বিপাক উন্নত কৰাত সহায় কৰে।সেয়েহে দৈ খোৱা স্বাস্থ্যৰ বাবে অতি উপকাৰি বুলি গণ্য কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *