কেইবাবছৰ ধৰি সাংবাদিকতা কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাস বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত হৈ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে । প্ৰায় এবছৰ পূৰ্বে হাৰ্ণিয়া জনিত ৰোগত গুৰুতৰ ভাৱে আক্ৰান্ত হৈ হায়দৰাবাদত গৈ মেজৰ অপাৰেশ্যন কৰি আহিছিল তেওঁ । তাৰ পৰৱৰ্তী সময়ত তেওঁ হৃদৰোগত আক্ৰান্ত হোৱাৰ কথাও ধৰা পৰে । দুটাকৈ অপাৰেশ্যন কৰিও আন উপসৰ্গয়ো সাংবাদিক গৰাকীৰ গুৰুত্বপূৰ্ণ অংশত দেখা দিয়ে । দুবাৰকৈ হায়দৰাবাদত চিকিৎসা, চাৰি পাঁচ বাৰকৈ গুৱাহাটীলৈ গৈ চিকিৎসা কৰি এতিয়া জ্যেষ্ঠ সম্পাদক গৰাকী সৰ্বস্বান্ত হৈ গভীৰ অৰ্থ সংকটত পৰিছে । লাখ লাখ টকা খৰছ কৰি ফুটা কড়ি এটাও নোহোৱা অৱস্থা জটিল ৰোগত আক্ৰান্ত জয়ন্ত দাসৰ । সাংবাদিক দাসক তেখেতে জনোৱা মতে সামান্য পৰিমাণে সুস্থ হৈ আছে বুলি জানিবলৈ দি যথেষ্ট কিন্তু দুৰ্বল হৈ আছে বুলি জনায় । দুই ইউনিট ব্লাড কালি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । চিকিৎসকৰ এটা গ্ৰুপে তেওঁৰ স্বাস্থ্যৰ তীক্ষ্ণ নজৰ ৰাখিছে । কালি নিশা তেওঁক জেনেৰেল ৱাৰ্ডৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হ’ব বুলিও জানিব পৰা গৈছে । আনহাতে ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলাৰ সভাপতি অনিল কুমাৰ দাস সমন্বিতে এটা সজাতী দলে তেওঁৰ স্বাস্থ্যৰ বুজ লয় । সতীৰ্থ সাংবাদিক সকলেও তেওঁৰ অহৰহ খা খবৰ লৈ আহিছে । অৰ্থ সংকটত ভোগা চিকিৎসাধীন সাংবাদিক গৰাকীয়ে এতিয়া আৰ্থিক সহায় বিচাৰি হাহাকাৰ কৰিছে । কোনে দিব তেওঁক আৰ্থিক সাহায্য । ৰাজ্য চৰকাৰে দিবনে ? এগৰাকী যুঁজাৰু সাংবাদিক হিচাপে সুনাম থকা জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ সমস্ত চিকিৎসাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰা উচিত । তেওঁৰ শুভকাংক্ষী, বৰপেটা প্ৰেছ ক্লাৱ, বৰপেটাৰোড প্ৰেছ ক্লাৱ, ফেচবুক গ্ৰুপ “প্লেটফৰ্ম অসম”ৰ এডমিন সহ অনেকে চিকিৎসালয়লৈ গৈ জয়ন্ত দাসৰ খা খবৰ লোৱাৰ উপৰিও তেওঁৰ অৰ্থ সংকটৰ পৰিত্ৰাণ বিচাৰি ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ উদ্যোগত ৰাজ্য চৰকাৰে তেওঁৰ সমস্ত চিকিৎসাৰ খৰছ বহন কৰিবলৈ দাবী জনাইছে । আনহাতে শুভকাংক্ষী তথা মানৱ দৰদী ৰাইজৰ ফালৰ পৰাও কিঞ্চিৎ হ’লেও আৰ্থিক সহায় তেওঁ বিচাৰিছে । যি সকল মানৱ দৰদীয়ে সহায় সাহায্য দিব বিচাৰে তেন্তে জয়ন্ত কুমাৰ দাসৰ ফোন পে’ আৰু গুগল পে’ ৭০০২৮৭৪১৪২ নম্বৰ যোগে দিব পাৰে । Share this:FacebookX Related Post navigation প্ৰলয়ংকৰী বানত অসমত ৭৪ জন লোকৰ মৃত্যু প্ৰিন্ট মিডিয়া থাকিবই: শ্ৰীধৰ আৰানালা