নগাঁও জিলাৰ বটদ্ৰৱাৰ বৰভেটিত হস্তনিৰ্মিত পিষ্টল, চাৰিজাই গুলীসহ এজনক আটক বটদ্ৰৱা আৰক্ষীৰ।নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানৰ অন্তৰ্গত বৰভেটিৰ পৰা আৰক্ষীয়ে হস্তনিৰ্মিত পিষ্টল, চাৰিজাই গুলী সহ এজনক আটক কৰিবলৈ সক্ষম হয়৷আমলখী গাৱৰ জিয়াউৰ ৰহমান নামৰ লোক জনৰ পৰা সক্ৰিয় গুলীসহ পিষ্টলতো উদ্ধাৰ কৰে৷জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি আজি শুক্ৰবাৰে পুৱাবেলা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা আৰু বটদ্ৰৱা আৰক্ষীৰ সহযোগত বটদ্ৰৱাৰ নিকটবৰ্ত্তী সংখ্যালঘু অধ্যুষিত বৰভেটি গাৱৰ পৰা লোক জনক আটক কৰি থানালৈ আনে৷বৰ্তমান অধিক তথ্য অনুসন্ধানৰ বাবে লোক জনক বটদ্ৰৱা থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷ Share this:FacebookX Related Post navigation ২৬ জুলাইৰ পৰা অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিক ইয়ামাহা মটৰে স্মাইল ফাউণ্ডেচনৰ সৈতে ৬৯ তম বাৰ্ষিকী উপলক্ষে দল গঠন কৰে