অসমৰ সূৰ্য জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ অনুসন্ধানকাৰী দলে আদালতত চাৰ্জশ্বীট দাখিল কৰাৰ পাছতে এই সমগ্ৰ বিষয়টোৱে এতিয়া নতুন মোৰ লৈছে। যোৱা ১২ ডিচেম্বৰত দাখিল কৰা এই চাৰ্জশ্বীটক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এক দীঘলীয়া পোষ্ট দি স্বামীৰ মৃত্যুক ‘হত্যা’ বুলি অভিহিত কৰে। জুবিন গাৰ্গৰ মৃত্যুক আজিও এক অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা বুলি উল্লেখ কৰি গৰিমাই এই ঘটনাক কেন্দ্ৰ কৰি কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

গৰিমাৰ অভিযোগ অনুসৰি, ছিংগাপুৰৰ ফেষ্টিভেললৈ যোৱাৰ পূৰ্বৰে পৰা জুবিনৰ থকাৰ ব্যৱস্থাৰ নামত আয়োজক শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এক গভীৰ অভিসন্ধি ৰচনা কৰিছিল। চাৰ্জশ্বীটৰ উদ্ধৃতি দি তেওঁ কয় যে হোটেলৰ ৰুম বুকিঙক লৈ যথেষ্ট খেলি-মেলি কৰা হৈছিল আৰু জুবিনৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰম অৱহেলা প্ৰদৰ্শন কৰা হৈছিল। আনকি জুবিনৰ অনুমতি অবিহনেই সিদ্ধাৰ্থ শৰ্মাই ‘One Last Tour’ নামৰ এক পৰিকল্পনাৰ জৰিয়তে তেওঁক সংগীত জগতৰ পৰা অৱসৰ দিয়াৰ অভিসন্ধি কৰিছিল আৰু তাৰ নামত ধনৰ লেনদেনৰ খেলি-মেলি কৰিছিল বুলিও গৰিমাই অভিযোগ কৰে।

আটাইতকৈ মৰ্মান্তিক অভিযোগটো হৈছে জুবিনৰ মৃত্যুৰ সময়ত কৰা চিকিৎসাৰ অৱহেলা। গৰিমাই উল্লেখ কৰা মতে, সাগৰৰ মাজত জুবিনক প্ৰায় ৭৫ মিনিট ধৰি কোনো চিকিৎসা অবিহনেই পেলাই থোৱা হৈছিল। য়টখনত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা বা জৰুৰীকালীন চিকিৎসাৰ সামগ্ৰী নাছিল। আনকি চিজাৰ থকা ব্যক্তি এজনক সুৰামত্ত অৱস্থাত সাগৰত সাঁতুৰিবলৈ উচটনি দিয়াটো এক ডাঙৰ অপৰাধ বুলি তেওঁ পোষ্টটোত উল্লেখ কৰিছে।

জুবিনৰ শৰীৰত পোৱা আঘাতৰ চিন আৰু হাওফাওত জমা হোৱা পানীৰ কথাই এই অৱহেলাৰ চৰম পৰিণাম প্ৰমাণ কৰে বুলি তেওঁ দাবী কৰে।

বৰ্তমান গৰিমা শইকীয়া গাৰ্গে এই গোচৰটোৰ দ্ৰুত শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালত আৰু চৰকাৰৰ তৰফৰ পৰা এদল শক্তিশালী বিশেষ অধিবক্তা নিযুক্তিৰ দাবী জনাইছে। ৩ হাজাৰতকৈ অধিক সাক্ষী থকা এই গোচৰটোত যাতে কোনো এজনো দোষীয়ে সাৰি যাব নোৱাৰে, তাৰ বাবে চৰকাৰী আইনী পক্ষক অধিক সষ্টম হ’বলৈ তেওঁ অনুৰোধ জনাইছে।

গৰিমাৰ এই আৱেগিক পোষ্টটোৱে এতিয়া সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু অনুৰাগীসকলেও জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি চৰকাৰক আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *