ভাৰতীয় সংগীত আৰু চিনেমা জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ২০২৬ বৰ্ষৰ ফিল্মফেয়াৰ বঁটাৰ মঞ্চত মৰণোত্তৰভাৱে সন্মানিত কৰা হয় অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক। শুকুৰবাৰে নিশা মুম্বাইত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সুৰৰ যাদুকৰগৰাকীক একেলগে তিনিটাকৈ শ্ৰেষ্ঠ সন্মানেৰে বিভূষিত কৰা হয়। শিল্পীগৰাকীৰ এই বিৰল সফলতাই তেওঁৰ অনুৰাগীসকলৰ মাজত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

চলচ্চিত্ৰ জগতৰ এই সন্মানীয় অনুষ্ঠানত জুবিন গাৰ্গক শ্ৰেষ্ঠ নেপথ্য গায়ক (পুৰুষ), লাইফটাইম এচিভমেণ্ট বঁটা আৰু ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ বাবে এক বিশেষ সন্মানেৰে বিভূষিত কৰা হয়। জুবিন গাৰ্গৰ হৈ এই বঁটাসমূহ গ্ৰহণ কৰে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। কেইবা দশকজোৰা সাৰ্থক কলাত্মক যাত্ৰা আৰু ভাৰতীয় বিনোদন জগতত তেওঁ পেলাই থৈ যোৱা অমলিন সাঁচৰ প্ৰতি সন্মান জনাই ফিল্মফেয়াৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে।

লাইফটাইম এচিভমেণ্ট বঁটাৰ জৰিয়তে সংগীতৰ প্ৰতি তেওঁৰ আজীৱন উৎসৰ্গিত মনোভাৱক স্বীকৃতি দিয়া হয়। আনহাতে, শ্ৰেষ্ঠ নেপথ্য গায়ক আৰু বিশেষ চলচ্চিত্ৰ বঁটাৰ জৰিয়তে তেওঁৰ শেষৰ ফালৰ কামসমূহৰ উৎকৃষ্টতাক পুনৰ এবাৰ প্ৰমাণ কৰা হয়। এই ঘোষণাৰ পাছতে দেশৰ সংগীত আৰু চলচ্চিত্ৰ জগতৰ বহু বিশিষ্ট ব্যক্তিয়ে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

একাধিক শিল্পী আৰু কলা-কুশলীয়ে এই বঁটাক এজন মহান শিল্পীৰ প্ৰতি জনোৱা প্ৰাপ্য সন্মান বুলি অভিহিত কৰিছে। জুবিন গাৰ্গৰ কণ্ঠ আৰু সৃজনশীলতাই যে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব, ফিল্মফেয়াৰ ২০২৬-ৰ এই স্বীকৃতিয়ে তাকেই পুনৰ প্ৰতিষ্ঠা কৰিলে। অসমৰ সাংস্কৃতিক আইকনগৰাকীৰ এই মৰণোত্তৰ সন্মানে এতিয়া সমগ্ৰ ৰাজ্যখনকে আৱেগিক কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *