জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ । গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’ । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ’ব । এই কথা শুকুৰবাৰে কাহিলিপাৰাস্থিত বাসগৃহত সংবাদমেলযোগে সদৰি কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে । জুবিন পত্নীয়ে সংবাদমেলখন সম্বোধন কৰি কয়, ‘‘সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্রজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল আৰু সেইবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল । তেওঁৰ এই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে জুবিন গাৰ্গৰ নামত এটি ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ । পৰিয়াল, আত্মীয় স্বজন আৰু অগ্রজ-অনুজ ভাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামর্শৰে আমি এই নতুন পদক্ষেপ ল’বলৈ আগবাঢ়িছোঁ ।’’ Share this:FacebookX Related Post navigation এআই প্ৰযুক্তিৰ অপব্যৱহাৰক লৈ কেন্দ্ৰৰ কঠোৰ স্থিতি! অশালীন সমল আঁতৰাবলৈ ‘এক্স’লৈ চৰকাৰী জাননী বটদ্ৰৱাৰ বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা