অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। SITৰ জেৰাত পোহৰলৈ আহিছে বহু নতুন নতুন তথ্য। ইয়াৰ মাজতে বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰিছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ ডি জি পি মুন্না প্ৰসাদ গুপ্তাই আজি জুবিনৰ মৃত্যুৰ গোচৰৰ চলি থকা তদন্ত সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে।ছ’চিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্মত ভাইৰেল হোৱা জুবিন গাৰ্গৰ জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘প্ৰকৃত নহয়’ বুলি দাবী কৰে মুন্না প্ৰসাদ গুপ্তাই। সংবাদ মাধ্যমক সম্বোধন কৰি গুপ্তাই স্পষ্ট কৰি দিয়ে, “সেই প্ৰতিবেদন প্ৰকৃত নহয়। ইয়াত কোনো চিকিৎসকৰ স্বাক্ষৰৰ অভাৱ আৰু সেয়েহে ই প্ৰামাণিক নহয়।” Share this:FacebookX Related Post navigation এইবাৰ চাকৰি এৰিলে চিকিৎসকে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচজনক