অভিনয় জগতত প্ৰৱেশ কৰিব বিচৰা উঠি অহা যুৱতীসকলক লক্ষ্য কৰি চলোৱা এক ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল ফাদিল কৰিছে অসম আৰক্ষীয়ে। মৰিগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত গুৱাহাটীৰ পৰা গ্ৰপ্তাৰ কৰা হৈছে ৰোহিত দাস ওৰফে ইমৰান সৰকাৰ নামৰ এজন অভিযুক্তক। বিলাসীপাৰাৰ এই প্ৰৱঞ্চকজনে সামাজিক মাধ্যমত ‘আৰ কে প্ৰডাকচন’ নামৰ এক ভুৱা প্ৰযোজনা সংস্থা খুলি নিজকে এজন প্ৰযোজক হিচাপে পৰিচয় দিছিল। আচলতে বামুণীমৈদামৰ এটা গুটখা ফেক্টৰীত কৰ্মৰত এই লম্পট যুৱকজনে অভিনয়ৰ প্ৰতি আগ্ৰহী শতাধিক সুন্দৰী যুৱতীক জালত পেলাইছিল। জাগীৰোডৰ এগৰাকী ভুক্তভোগী যুৱতীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, ইমৰান সৰকাৰে যুৱতীগৰাকীক চিনেমাত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভন দিছিল আৰু তাৰ বিনিময়ত এক নিশা একেলগে থকাৰ বাবে অশালীন প্ৰস্তাৱ দিছিল। যেতিয়া যুৱতীগৰাকীয়ে এই প্ৰস্তাৱত মান্তি হোৱা নাছিল, তেতিয়া অভিযুক্তজনে তেওঁক গুৱাহাটীৰ ফাঁচী বজাৰলৈ মাতি নি নানা ধৰণে ভাবুকি প্ৰদান কৰে। যুৱতীগৰাকীক ভয়-ভাবুকি দিয়াৰ পাছত তেওঁ উপায়ন্তৰ হৈ জাগীৰোড থানাত সহায় বিচাৰে। মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা দলে বামুণীমৈদামৰ পৰা ইমৰান সৰকাৰক কৰায়ত্ত কৰে। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যে হিন্দু যুৱতীৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ তেওঁ ৰোহিত দাস নামৰ এক ভুৱা পৰিচয় ব্যৱহাৰ কৰিছিল। এই গ্ৰপ্তাৰৰ পিছতে আৰক্ষীৰ হাতত আৰু বহুতো বিস্ফোৰক তথ্য পৰিছে যিয়ে এই চক্ৰটোৰ আন বহু কু-কৰ্মৰ কথা ফাদিল কৰাৰ সম্ভাৱনা আছে। অভিনয় জগতত প্ৰৱেশ কৰিব বিচৰা উঠি অহা যুৱতীসকলক লক্ষ্য কৰি চলোৱা এক ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল ফাদিল কৰিছে অসম আৰক্ষীয়ে। মৰিগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত গুৱাহাটীৰ পৰা গ্ৰপ্তাৰ কৰা হৈছে ৰোহিত দাস ওৰফে ইমৰান সৰকাৰ নামৰ এজন অভিযুক্তক। বিলাসীপাৰাৰ এই প্ৰৱঞ্চকজনে সামাজিক মাধ্যমত ‘আৰ কে প্ৰডাকচন’ নামৰ এক ভুৱা প্ৰযোজনা সংস্থা খুলি নিজকে এজন প্ৰযোজক হিচাপে পৰিচয় দিছিল। আচলতে বামুণীমৈদামৰ এটা গুটখা ফেক্টৰীত কৰ্মৰত এই লম্পট যুৱকজনে অভিনয়ৰ প্ৰতি আগ্ৰহী শতাধিক সুন্দৰী যুৱতীক জালত পেলাইছিল। জাগীৰোডৰ এগৰাকী ভুক্তভোগী যুৱতীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। জানিব পৰা মতে, ইমৰান সৰকাৰে যুৱতীগৰাকীক চিনেমাত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভন দিছিল আৰু তাৰ বিনিময়ত এক নিশা একেলগে থকাৰ বাবে অশালীন প্ৰস্তাৱ দিছিল। যেতিয়া যুৱতীগৰাকীয়ে এই প্ৰস্তাৱত মান্তি হোৱা নাছিল, তেতিয়া অভিযুক্তজনে তেওঁক গুৱাহাটীৰ ফাঁচী বজাৰলৈ মাতি নি নানা ধৰণে ভাবুকি প্ৰদান কৰে। যুৱতীগৰাকীক ভয়-ভাবুকি দিয়াৰ পাছত তেওঁ উপায়ন্তৰ হৈ জাগীৰোড থানাত সহায় বিচাৰে। মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা দলে বামুণীমৈদামৰ পৰা ইমৰান সৰকাৰক কৰায়ত্ত কৰে। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যে হিন্দু যুৱতীৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ তেওঁ ৰোহিত দাস নামৰ এক ভুৱা পৰিচয় ব্যৱহাৰ কৰিছিল। এই গ্ৰপ্তাৰৰ পিছতে আৰক্ষীৰ হাতত আৰু বহুতো বিস্ফোৰক তথ্য পৰিছে যিয়ে এই চক্ৰটোৰ আন বহু কু-কৰ্মৰ কথা ফাদিল কৰাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation অনলাইন জুৱা কেলেংকাৰী! ইউটিউবাৰ অনুৰাগ দ্বিবেদীৰ লেম্বৰঘিনি সহ চাৰিখন বিলাসী বাহন জব্দ সম্প্ৰতি হিংসাৰ জুইত জ্বলিছে বাংলাদেশ