চৰকাৰী পথৰ দুৰৱস্থা আৰু যাতায়তৰ সমস্যা দূৰ কৰিবলৈ বিহাৰ চৰকাৰে এইবাৰ দেশৰ ভিতৰতে এক নজিৰবিহীন তথা সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ পথত কোনো গাঁত থকাৰ খবৰ দিলে সংশ্লিষ্ট ব্যক্তিক ৫০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব বুলি বিহাৰ চৰকাৰৰ উদ্যোগ আৰু পথ নিৰ্মাণ মন্ত্ৰী ডাঃ দিলীপ জয়ছোৱালে এক বিশেষ আঁচনি ঘোষণা কৰিছে। শনিবাৰে কিশানগঞ্জৰ জিলা বিজেপি কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা এই নতুন আঁচনিখন সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী কৰা হ’ব। মন্ত্ৰী জয়ছোৱালৰ মতে, জানুৱাৰী মাহত পথ মেৰামতিৰ এক নতুন নীতি প্ৰৱৰ্তন কৰা হৈছে আৰু ইয়াৰ অধীনত ‘ৰোড এম্বুলেন্স’ৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে, “পথত সামান্য গাঁত থাকিলেও ৰোড এম্বুলেন্সে ৭২ ঘণ্টাৰ ভিতৰত তাক মেৰামতি কৰিব। প্ৰতিটো চ’ক-বজাৰত ৰোড এম্বুলেন্সৰ নম্বৰ প্ৰদৰ্শন কৰা হ’ব।” তেওঁ লগতে কয় যে যিকোনো ব্যক্তিয়ে পথত গাঁত থকাৰ অভিযোগ দি ৫০০০ টকা লাভ কৰিব পাৰিব, যাৰ ফলত ঠিকাৰদাৰৰ মনত ভয় থাকিব আৰু বিভাগীয় অভিযন্তাসকল সজাগ হৈ থাকিব। ইতিমধ্যে কৰ্তব্যত গাফিলতি কৰাৰ বাবে কেইবাজনো কাৰ্যবাহী অভিযন্তাক নিলম্বন কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। ইফালে, বিহাৰৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে ৰাজ্যখনত পাঁচটাকৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, “এই এক্সপ্ৰেছ হাইৱেসমূহ নিৰ্মাণ হোৱাৰ পাছত বিহাৰৰ যিকোনো কোণৰ পৰা মাত্ৰ পাঁচ ঘণ্টাতে পাটনাত উপস্থিত হ’ব পৰা যাব।” বৰ্তমানৰ পথসমূহ মেৰামতি কৰাৰ লগতে জিলাসমূহৰ পথসমূহ বহল কৰাৰ প্ৰস্তাৱো চৰকাৰে গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নিবিদা প্ৰক্ৰিয়াত স্বচ্ছতা আনিবলৈ টেণ্ডাৰৰ নিয়মো সলনি কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ কয় যে ঠিকাৰদাৰসকলে নিবিদা মূল্যতকৈ ৩৫-৪০ শতাংশ কম দৰত কাম লয়, যাৰ ফলত মানদণ্ড নিম্ন হয়। সেয়েহে এতিয়াৰে পৰা ১০ শতাংশতকৈ কম দৰত কোনো সংবেদকে নিবিদা দাখিল কৰিব নোৱাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এই পদক্ষেপে দুৰ্নীতি হ্ৰাস কৰাৰ লগতে পথসমূহ গুণগতভাৱে নিৰ্মাণ কৰাত সহায় কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত প্ৰাক্তন আই পি এছ বিষয়াৰ পত্নীক ২.৫৮ কোটি টকাৰ প্ৰৱঞ্চনা চাইবাৰ অপৰাধীৰ ভেনিজুৱেলাৰ শাসনভাৰ ল’ব নেকি ট্ৰাম্পে? মাডুৰোক বন্দী কৰাৰ পাছতে আমেৰিকাক লৈ বিশ্বজুৰি চাঞ্চল্য