ভাৰতৰ আটাইতকৈ প্ৰত্যাশিত চহৰসমূহৰ ভিতৰত অন্যতম পুনেত ১৪ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’ব বাজাজ পুনে মাৰাথন, যি পূৰ্বতকৈ ডাঙৰ, অধিক অন্তৰ্ভুক্তিমূলক আৰু অনুপ্ৰেৰণাদায়ক হোৱাৰ প্ৰতিশ্ৰুতি দিছে। ভাৰতৰ অন্যতম বৃহৎ আৰু বৈচিত্ৰ্যপূৰ্ণ বিত্তীয় সেৱা গোট বাজাজ ফিনচাৰ্ভ লিমিটেডৰ এয়া এক ইতিবাচক পদক্ষেপ, এইবাৰৰ এই অনুষ্ঠানত অভিজাত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ পৰা আৰম্ভ কৰি দৈনন্দিন ফিটনেছ অনুৰাগী আৰু কৰ্পৰেট প্ৰতিনিধিলৈকে হাজাৰ হাজাৰ দৌৰবিদক ‘ইউ টু কেন ফ্লাই’ৰ একত্ৰীকৰণমূলক আস্থাৰ অধীনত একত্ৰিত কৰা হ’ব। এই আকাংক্ষা আৰু স্থিতিস্থাপকতাৰ মনোভাৱৰ নেতৃত্বত বিশ্ব এথলেটিকছৰ দুই বিখ্যাত নাম – জামাইকাৰ কিংবদন্তি স্প্ৰিণ্টাৰ আৰু ১৭টা বিশ্ব চেম্পিয়নশ্বিপ পদক আৰু ৮টা অলিম্পিক পদক লাভ কৰা ১০০ মিটাৰ দৌৰৰ দৌৰবিদ শ্বেলী-এন ফ্ৰেজাৰ-প্ৰাইছ আৰু আমেৰিকান অলিম্পিক আৰু বিশ্ব চেম্পিয়ন দৌৰবিদ নোৱা লাইলছ, যি বৰ্তমান বিশ্বৰ আটাইতকৈ দ্ৰুততম খেলুৱৈ। এইবাৰ ষষ্ঠ বছৰত ভৰি দিব লগা বাজাজ পুনে মাৰাথনৰ প্ৰসাৰতা আৰু তাৎপৰ্য সমানে বাঢ়িছে।

এই বছৰৰ সংস্কৰণত ৪২.২ কিলোমিটাৰৰ ফুল(সম্পূৰ্ণ) মাৰাথন, ২১.১ কিলোমিটাৰৰ হাফ মাৰাথন, ১০ কিলোমিটাৰৰ দৌৰ, ৫ কিলোমিটাৰ সময়ৰ দৌৰ-বিভিন্ন বয়স আৰু সামৰ্থ্যৰ লোকৰ অংশগ্ৰহণেৰে অন্তৰ্ভুক্তি নিশ্চিত কৰাকে ধৰি একাধিক ৰেচ শ্ৰেণী সন্নিৱিষ্ট কৰি হৈছে।  বাজাজ ফিনছাৰ্ভৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ বাজাজে এই বিষয়ে কয় যে, “এই বছৰৰ মাৰাথনত নোৱা লাইলছ আৰু শ্বেলী-এন ফ্ৰেজাৰ-প্ৰাইচক ৰেচ এম্বেছাদৰ হিচাপে লৈ কেৱল সহনশীলতা আৰু সুস্থতা প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ ভাৰতৰ উন্নত হোৱাৰ সামূহিক সংকল্পকো উদযাপন কৰা হৈছে।” 

শ্বেলী-এন ফ্ৰেজাৰ-প্ৰাইচে এই বিষয়ে কয় যে, “এই দৌৰৰ এম্বেছাদৰ হিচাপে সহযোগিতা কৰিবলৈ পাই আৰু আমাৰ সকলোৱে আগলৈ যোৱা, আগুৱাই দিয়া আৰু উৰিবলৈ সামৰ্থ্য আছে বুলি দৌৰবিদসকলক মনত পেলাই দিবলৈ উদযাপনৰ অংশ হ’বলৈ পাই অতিশয় আনন্দিত।”  আনহাতে, নোৱা লাইলেছে কয় যে, “বাজাজ পুনে মাৰাথনৰ সন্মানীয় ষ্টাৰ্টাৰ হ’বলৈ পাই মই সঁচাকৈয়ে আনন্দিত। ”  ফ্ৰেজাৰ-প্ৰাইছ আৰু লাইলেছে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে হাজাৰ হাজাৰ লোক দৌৰিবলৈ সাজু হোৱাৰ সময়ছোনাত বাজাজ পুনে মাৰাথনৰ ২০২৫ সংস্কৰণে ভাৰতৰ অন্যতম সন্মানীয় আৰু তাত্পৰ্যপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *