উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ধৰ্মান্তৰকৰণৰ দৰে সংগঠিত অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীক অত্যাধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। দেওবাৰে লক্ষ্ণৌত অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ দুদিনীয়া সন্মিলন ‘আৰক্ষী মন্থন’ত ভাষণ দি তেওঁ আন্তঃৰাষ্ট্ৰীয় পুঁজিৰে পৰিচালিত ধৰ্মান্তৰকৰণ চক্ৰসমূহক কঠোৰ হাতেৰে দমন কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে আইন-শৃংখলা বিঘ্নিত কৰা বা জাতিগত আৰু সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰিবলৈ চেষ্টা কৰা যিকোনো কাৰ্যৰ বিৰুদ্ধে চৰকাৰে “শূন্য সহনশীলতা” নীতি অৱলম্বন কৰিব।

পাকিস্তান, বাংলাদেশ আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নতুন মাত্ৰাসমূহ পৰ্যালোচনা কৰি আদিত্যনাথে সীমান্ত নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে সংগঠিত ধৰ্মান্তৰকৰণ নেটৱৰ্কসমূহ ধৰা পেলাবলৈ আৰক্ষীয়ে বিত্তীয় লেনদেনৰ বিশ্লেষণ আৰু কাৰিকৰী পৰীক্ষণৰ দৰে আধুনিক সম্পদ ব্যৱহাৰ কৰা উচিত। বিশেষকৈ বলৰামপুৰৰ দৰে স্থানত শেহতীয়াকৈ সংঘটিত ঘটনাসমূহৰ উদাহৰণ দি তেওঁ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাসমূহক এনে ঘটনা প্ৰাৰম্ভিক পৰ্যায়তে প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে।

ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ, ভুল তথ্য প্ৰচাৰ আৰু ডিপফেকৰ দৰে প্ৰযুক্তিৰ অপব্যৱহাৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ডার্ক ৱেব আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে শান্তি বিঘ্নিত কৰিব পৰা যিকোনো আপত্তিজনক সমলৰ বিৰুদ্ধে তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে ভুৱা একাউণ্ট আৰু সংগঠিত অপপ্ৰচাৰ অভিযানসমূহ চিনাক্ত কৰি আইনগত ব্যৱস্থা ল’বলৈ তেওঁ আৰক্ষীক নিৰ্দেশ দিয়ে। তেওঁৰ মতে, সমাজক জাতি বা ধৰ্মৰ ভিত্তিত বিভাজন কৰিব বিচৰা উপাদানসমূহৰ প্ৰতি কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা উচিত নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *