শুকুৰবাৰে সামৰণি পৰিল সংসদৰ শীতকালীন অধিবেশনৰ। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুকুৰবাৰে পুৱা সদনৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। অধিবেশনৰ শেষৰ দিনটোত অধ্যক্ষগৰাকীয়ে নিজৰ কোঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিটো দলৰ নেতাসকলৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয়। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও অংশগ্ৰহণ কৰে। অধিবেশনৰ সামৰণিৰ পূৰ্বে সংসদৰ ভিতৰে-বাহিৰে ‘জি ৰাম জি’ (VB-G RAM G) বিলক লৈ বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিলখনক গ্ৰাম্য জীৱনৰ বাবে ভাবুকি বুলি অভিহিত কৰিছে। ইফালে, বৃহস্পতিবাৰে প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি কেৰালাৰ পথ প্ৰকল্পৰ বিষয়ে আলোচনা কৰে। সেই সাক্ষাতত গাডকাৰীয়ে প্ৰিয়ংকা গান্ধীক নিজে প্ৰস্তুত কৰা বিশেষ খাদ্যৰে আপ্যায়ন কৰা ঘটনাইও বিশেষ চৰ্চা লাভ কৰিছে। ৰাজ্যসভাতো শুকুৰবাৰে একেধৰণৰ দৃশ্য দেখা যায়। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সদস্যসকলৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সদন স্থগিত ৰাখে। বিৰোধী দলসমূহে বিশেষকৈ এমজিএনৰেগা (MGNREGA) আঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। এই সকলো হুলস্থুলীয়া পৰিৱেশৰ মাজতে সংসদৰ শীতকালীন অধিবেশনৰ সমাপ্তি ঘটে। Share this:FacebookX Related Post navigation ভাৰতৰ সৈতে সম্পৰ্কত যতি! উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ ভাবুকিৰ পাছত এইবাৰ ভাৰতীয় উচ্চায়ুক্তক বহিষ্কাৰৰ দাবী বাংলাদেশী নেতাৰ এয়াৰবিএনবি-এ উৎসৱ ভ্ৰমণত এক নতুন মাত্ৰা যোগ কৰিছে