ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য । এয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা ।আগন্তুক ৫ টা দিনত ৰাজ্যত আৰু অধিক হ’ব শীতৰ প্ৰকোপ । উত্তৰ-পূবৰ লগতে সাগৰপৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলত বাঢ়িব এই শীত । শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিলে বিভাগে ।ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD), আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বাভাস অনুসৰি আগন্তুক কেইটামানদিনত উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অংশত শীত আৰু প্ৰধানকৈ শুকান বতৰ অব্যাহত থাকিব । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা কিছু হ্ৰাস পাব আৰু বহু অঞ্চলত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *