এজন ৰাষ্ট্ৰপতিক অপহৰণৰ অভিযোগ আৰু আন এখন দেশৰ এজন ৰাষ্ট্ৰপতিৰ দখলদাৰীৰ হুংকাৰে এতিয়া সলনি কৰিছে বিশ্ব ৰাজনীতিৰ সমীকৰণ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আমেৰিকাই ড্ৰাগছ সৰবৰাহৰ অভিযোগত নিউয়ৰ্কলৈ ধৰি লৈ যোৱাৰ পাছতে ড’নাল্ড ট্ৰাম্পে দেশখনৰ শাসন আৰু তেল খণ্ডৰ নিয়ন্ত্ৰণৰ কথা ঘোষণা কৰে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ট্ৰাম্পক ভেনিজুৱেলাৰ ‘এক্টিং প্ৰেছিডেন্ট’ বুলি অভিহিত কৰি এক পোষ্ট ভাইৰেল হোৱা পৰিলক্ষিত হৈছে যিয়ে আন্তঃৰাষ্ট্ৰীয় মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে, মাডুৰোক বন্দী কৰাৰ পাছতে ট্ৰাম্পে জনাইছে যে নিৰাপত্তাৰ খাতিৰত আমেৰিকাই সাময়িকভাৱে ভেনিজুৱেলা পৰিচালনা কৰিব। আমেৰিকাৰ এই কাৰ্যক চীন, ৰাছিয়া আৰু কলম্বিয়াই আন্তঃৰাষ্ট্ৰীয় আইনৰ উলংঘন বুলি কঠোৰ সমালোচনা কৰিছে। ইফালে, ভেনিজুৱেলাৰ অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা ডেলচি ৰড্ৰিগেজে আমেৰিকাৰ এই কৰ্তৃত্বক পোনপটীয়াভাৱে প্ৰত্যাখ্যান কৰি মাডুৰোক মুক্তি দিবলৈ দাবী জনায়। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অৱশ্যে ৰড্ৰিগেজক এক তীব্ৰ সকীয়নি প্ৰদান কৰিছে। তেওঁ কয় যে যদিহে তেওঁ আমেৰিকাক সহযোগিতা নকৰে, তেন্তে তেওঁ ইয়াৰ বাবে “ভয়ংকৰ মূল্য” ভৰিব লাগিব আৰু তেওঁৰ পৰিণতি মাডুৰোতকৈও ভয়াবহ হ’ব পাৰে। ট্ৰাম্পে ইতিমধ্যে আমেৰিকাৰ তেল কোম্পানীসমূহক ভেনিজুৱেলাত ১০০ বিলিয়ন ডলাৰ পৰ্যন্ত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ মতে, আমেৰিকাৰ তত্বাৱধানত তেল বিক্ৰী হ’লে বিশ্ব বজাৰত ইন্ধনৰ মূল্য হ্ৰাস পাব। তদুপৰি ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাৰ এই দৃঢ় পদক্ষেপৰ পাছতে ভেনিজুৱেলাৰ পৰা বহু ৰাজনৈতিক বন্দী মুক্তি লাভ কৰিছে। তেওঁৰ এই বক্তব্যই এতিয়া বিশ্বজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, য’ত একাংশই ইয়াক এখন দেশৰ সম্পদৰ ওপৰত দখল বুলি অভিহিত কৰিছে। বৰ্তমান ভেনিজুৱেলাৰ পৰিস্থিতি অত্যন্ত উত্তেজনাপূৰ্ণ হৈ আছে আৰু আমেৰিকাই দেশখনৰ তেলৰ পৰা উপাৰ্জিত ধন সুৰক্ষিত কৰিবলৈ এক কাৰ্যবাহী নিৰ্দেশতো স্বাক্ষৰ কৰিছে বুলি জানিবলৈ দিয়ে। Share this:FacebookX Related Post navigation পথত গাঁত দেখা পালেই আপুনি লাভ কৰিব ৫০০০ টকা! বিহাৰত আৰম্ভ হৈছে দেশৰ প্ৰথমটো অভিনৱ চৰকাৰী আঁচনি মমতা বেনাৰ্জীৰ বিৰুদ্ধে চিবিআই তদন্তৰ অনুৰোধেৰে উচ্চতম ন্যায়ালয় মুখ পাতিলে ইডি