প্ৰকৃতি আৰু মানুহৰ মাজত চলি থকা চিৰাচৰিত সংঘাত এতিয়া গোৱালপাৰা জিলাত এক ভয়ংকৰ তেজৰ খেললৈ ৰূপান্তৰিত হৈছে। জিলাখনৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকে এতিয়া যেন মৃত্যুৰ পৰৱানা কঢ়িয়াই আনিছে। শনিবাৰে পুৱা পুনৰ এক শোকাৱহ ঘটনাই কুশধোৱা অঞ্চলটো কঁপাই তোলে, য’ত এটা অকলশৰীয়া হাতীৰ আক্ৰমণত এগৰাকী নিৰীহ মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হয়। ঘটনাৰ বিৱৰণী অনুসৰি, পুৱা প্ৰায় ৭ বজাত ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কুশধোৱাৰ বাসিন্দা কণিকা খাখলাৰীয়ে (৫৩) নিজৰ পদুলিমুখলৈ ওলাই আহিছিল। সেই সময়তে ৰাস্তাৰে আহি থকা এটা বনৰীয়া হাতীয়ে তেওঁৰ ওপৰত জপিয়াই পৰে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক ততালিকে দুধনৈ চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ নি থকা অৱস্থাত মাজপথতে তেওঁৰ মৃত্যু ঘটে। জিলাখনৰ বাবে অধিক উদ্বেগৰ বিষয় এয়ে যে বিগত ১৮ ঘণ্টাৰ ভিতৰত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা এয়া তৃতীয়গৰাকী লোক। কালি মাত্ৰ কেইঘণ্টামানৰ ব্যৱধানত কৃষ্ণাইৰ খামাৰী আৰু লোৱাৰ মাণিকগঞ্জত জলেশ্বৰ ৰাভা আৰু দবোল ৰাভা নামৰ আন দুজন ব্যক্তিৰ একেদৰেই কৰুণ মৃত্যু ঘটিছিল। ইটোৰ পাছত সিটো হত্যাকাণ্ডই এতিয়া সমগ্ৰ জিলাখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। দিনক দিনে বৃদ্ধি পোৱা এই হস্তী-মানুহৰ সংঘাত ৰোধ কৰাত বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি নিপন খাখলাৰীয়ে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত সাহায্য প্ৰদানৰ লগতে হাতীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বৰ্তমান ৰাইজৰ মাজত এক গভীৰ ক্ষোভ আৰু নিৰাপত্তাহীনতাই বিৰাজ কৰিছে। Share this:FacebookX Related Post navigation জুম্মাৰ নামাজক সময়তে মছজিদত ভয়ংকৰ বিস্ফোৰণ! ছিৰিয়াত ৮ জনৰ মৃত্যু, ১৮ জন গুৰুতৰভাৱে আহত উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিটেল সংযোগত বাধা! ভাৰতৰ ইণ্টাৰনেট ট্ৰেনজিট প্ৰস্তাৱ নাকচ বাংলাদেশৰ