সুৰক্ষিত বুলি গণ্য কৰা আৰক্ষী থানাৰ চৌহদতে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। হৰদৈ জিলাৰ পালি আৰক্ষী থানাৰ ভিতৰতে সোমবাৰে পুৱা ৩৬ বছৰীয়া অনুপ নামৰ এজন ব্যক্তিয়ে নিজ পত্নীক গুলীয়াই হত্যা কৰে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এগৰাকী মহিলা কনিষ্টবলে ভুক্তভোগীগৰাকীক কেণ্টিনলৈ লৈ যোৱাৰ সময়তে এই মৰ্মান্তিক হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, অনুপে পাঁচ দিন পূৰ্বে তেওঁৰ পত্নী ছোনীৰ বিৰুদ্ধে ঘৰৰ পৰা অলংকাৰ আৰু নগদ ৩৫,০০০ টকা লৈ পলাই যোৱাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰিছিল। দেওবাৰে আৰক্ষীয়ে ছোনীক বিচাৰি উলিয়াই আইনী প্ৰক্ৰিয়াৰ বাবে থানালৈ লৈ আহে। সোমবাৰে পুৱা স্বামী অনুপে হঠাতে পিছফালৰ পৰা আক্ৰমণ কৰি অতি ওচৰৰ পৰা পত্নীক লক্ষ্য কৰি গুলীচালনা কৰে। গুলীবিদ্ধ ছোনীক ততাতৈয়াকৈ জিলা হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছে। ইফালে, হত্যাকাণ্ড সংঘটিত কৰি অনুপে এজন সহযোগীৰ সৈতে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও উপস্থিত আৰক্ষীৰ দলে তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। অভিযুক্তৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত মাৰাত্মক অস্ত্ৰটো উদ্ধাৰ কৰা হৈছে। এই ঘটনাই আৰক্ষী থানাৰ ভিতৰত থকা নিৰাপত্তাৰ বিসংগতি পোহৰলৈ আনিছে আৰু বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে। Share this:FacebookX Related Post navigation এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে