কেৰালাৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাৰ কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পাছতে এতিয়া দেশজুৰি আৰম্ভ হৈছে ভাষিক আৰু পৰিচয় কেন্দ্ৰিক এক আমোদজনক চৰ্চা। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকত এই নাম সলনিৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পাছতে ছচিয়েল মিডিয়াত এতিয়া মুখামুখি হৈছে কংগ্ৰেছ সাংসদ শশী থাৰুৰ আৰু চিপিআই(এম) নেতা জন ব্ৰিটান। ৰাজ্যখনৰ মানুহক এতিয়া ইংৰাজীত কি বুলি মাতিব, তাক লৈ থাৰুৰে কৰা এক ধেমেলীয়া মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে ব্ৰিটানে।

দৰাচলতে, শশী থাৰুৰে এক এক্স প’ষ্টৰ জৰিয়তে ধেমেলীয়া সুৰত প্ৰশ্ন কৰিছিল যে ‘কেৰালা’ যদি ‘কেৰালাম’ হয়, তেন্তে ইয়াৰ বাসিন্দাসকলক কি বুলি কোৱা হ’ব? থাৰুৰে কয়, “কেৰালামাইট শব্দটো শুনিবলৈ কোনো অণুজীৱৰ দৰে লাগে।” তেওঁ লগতে কয়, “কেৰালামিয়ান শব্দটো আকৌ কোনো বিৰল খনিজ পদাৰ্থৰ দৰেহে লাগে।” ইয়াৰ পাছতে ৰাজ্যসভাৰ সাংসদ জন ব্ৰিটানে থাৰুৰক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰে।

জন ব্ৰিটানে কয়, “পৰিচয়টো কোনো বানান পৰীক্ষা নহয়।” তেওঁ লগতে কয়, “কেৰালাৰ পৰা কেৰালামলৈ হোৱা এই সামান্য পৰিৱৰ্তনে কোনো পৰিচয় বিলুপ্তিৰ সংকট সৃষ্টি নকৰে, আমি আগৰ দৰেই মালয়ালী বা মাল্লু হৈয়েই থাকিম।” ব্ৰিটানে থাৰুৰক এই ‘অণুজীৱ-খনিজ পদাৰ্থ’ৰ চিন্তা বাদ দি বাস্তৱলৈ ঘূৰি আহিবলৈ আহ্বান জনায়।

আন ৰাজ্যৰ উদাহৰণ দি ব্ৰিটানে উল্লেখ কৰে যে অন্ধ্ৰ প্ৰদেশৰ মানুহ তেলেগু আৰু তামিলনাডুৰ মানুহ তামিল হৈয়েই আছে, তাত কোনোৱে নতুন শব্দৰ আৱিষ্কাৰ কৰিবলৈ যোৱা নাই। ব্ৰিটানে শেষত খুহুটীয়া সুৰত কয় যে যেতিয়া দিল্লীত বিৰিয়ানি অৰ্ডাৰ দিওঁতে কোনোবাই হাঁহি মুখেৰে ‘মাল্লু দা’ বুলি মাতিব, তেতিয়াহে প্ৰকৃত পৰিচয়টো জীয়াই থাকিব।’

Leave a Reply

Your email address will not be published. Required fields are marked *