উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সাতখনতকৈও অধিক ৰাজ্যত গৰমৰ প্ৰকোপ । সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।চলিত সপ্তাহত দক্ষিণ ভাৰত, তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে উত্তৰ-পূবৰ ৰাজ্য বিশেষকৈ অসম আৰু মেঘালয়ত ধুমুহা, বজ্ৰপাতৰ সৈতে বৃষ্টিপাতৰ সম্ভাৱনা আছে । পূব বিহাৰৰ পৰা তেলেংগানালৈকে বিস্তৃত হৈ থকা বংগ উপসাগৰত সৃষ্টি হ’বলগা ঘূৰ্ণীবতাহৰ বাবে ৰাজ্যকেইখনত বতৰৰ সালসলনি ঘটিব পাৰে ।৮ এপ্ৰিলত অসম, মেঘালয় আৰু বিহাৰৰ কোনো কোনো অঞ্চলত বৰষুণৰ লগতে শিলাবৃষ্টিৰো আশংকা কৰা হৈছে । আনহাতে, ৯ এপ্ৰিলত ঝাৰখণ্ডত ইয়াৰ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা ধৰণে বতৰৰ সালসলনি ঘটিলে ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু পৰিমাণে সকাহ পাব ।বতৰ বিজ্ঞানীসকলে গৰমৰ পৰা হাত সাৰিবলৈ সাধাৰণ লোকসকলক দিনৰ ভাগত বাহিৰৰ কাম-কাজৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ প্ৰদান কৰিছে । Share this:FacebookX Related Post navigation শুকান খেজুৰ খায় ভাল পাই নে আপুনি ১ লাখ+ পলিচীহল্ডাৰক আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে প্ৰদান কৰিছে ৰিৱাৰ্ডছ কিয়নো হেল্থৰিটাৰ্নটিএমৰ দ্বাৰা পৰিচালিত হ’ল ৩৫০ বিলিয়নৰো অধিক খোজ