অসম, অৰুণাচল প্ৰদেশ আদি ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা অহাৰো সম্ভাৱনা প্ৰকাশ কৰে বতৰ বিজ্ঞান বিভাগে । ইফালে সমগ্ৰ দেশতে বতৰৰ ৰূপ সলনি হোৱাৰো তথ্য প্ৰকাশ কৰে বিভাগটোৱে । উত্তৰ-পূবসহ কেইবাখনো ৰাজ্যত বৰষুণৰ সতৰ্কবাণীৰ লগতে দেশৰ কোনো কোনো প্ৰান্তত গৰমৰ প্ৰকোপ পুনৰ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ।আই এম ডিয়ে দেশৰ উত্তৰ-পূব প্ৰান্তৰ কেইবাস্থানত আগন্তুক দুই এদিনত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে । ইয়াৰে কোনো কোনো স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।দেশৰ উত্তৰ-পশ্চিম অঞ্চলত আগন্তুক ২৪ ঘণ্টাত তাপমাত্ৰা গুৰুত্বপূৰ্ণভাৱে সালসলনি হোৱাৰ সম্ভাৱনা আছে । আগন্তুক তিনিটা দিনত ৪ পৰা ৬ ডিগ্ৰী চেলছিয়াচলৈ বৃদ্ধি পাব পাৰে । ইয়াৰ পিছত তাপমাত্ৰা বৃদ্ধি পোৱাৰ বা সলনি হোৱাৰ কোনো সম্ভাৱনা নাই । এই সময়চোৱাত মধ্য ভাৰতৰ তাপমাত্ৰাত কোনো বৃহৎ সলনি হোৱাৰ সম্ভাৱনা নাই । Share this:FacebookX Related Post navigation চেনাব দলঙত উপস্থিত হৈ দলংখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে নিছান মেগনাইটৰ পৃথিৱীজুৰি বিক্ৰীয়ে অতিক্ৰম কৰিলে ২ লাখৰ ঘৰ; চিএনজি ভেৰিয়েণ্টে ত্বৰান্বিত কৰিছে বজাৰৰ গতি