আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ এক গুৰুতৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে শাসকীয় বিজেপিৰ বিৰুদ্ধে। কংগ্ৰেছ, চিপিআই(এম), ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু চিপিআই(এমএল)এল-এ শুকুৰবাৰে দিছপুৰ থানাত এই সন্দৰ্ভত এক যুটীয়া এজাহাৰ দাখিল কৰে। বিৰোধী দলসমূহে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেবিনেট মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে নিৰ্দিষ্টকৈ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। বিৰোধীৰ অভিযোগ অনুসৰি, যোৱা ৪ জানুৱাৰীত অনুষ্ঠিত এক জুম মিটিং যোগে দিলীপ শইকীয়াই ৰাজ্যৰ ৬০ টা সমষ্টিত বিৰোধী সমৰ্থকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ দলীয় বিধায়কসকলক নিৰ্দেশ দিছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিবলৈ মন্ত্ৰী অশোক সিংঘালক দায়িত্ব অৰ্পণ কৰা বুলিও এজাহাৰখনত উল্লেখ কৰিছে। ১০ ফেব্ৰুৱাৰীত ভোটাৰ তালিকাৰ চূড়ান্ত প্ৰকাশ হোৱাৰ পূৰ্বে এনে কাৰ্যই গণতন্ত্ৰলৈ বিপদ মাতি আনিব বুলি বিৰোধীয়ে দাবী কৰিছে। উক্ত বৈঠকৰ ভিডিঅ’ ফুটেজত গুৰুত্বপূৰ্ণ প্ৰমাণ আছে বুলি উল্লেখ কৰি বিৰোধী দলসমূহে আৰক্ষীক সেয়া সংগ্ৰহ কৰিবলৈ আহ্বান জনায়। ইফালে দিছপুৰ আৰক্ষীয়ে এজাহাৰখন লাভ কৰিছে আৰু বৰ্তমান সমগ্ৰ বিষয়টো পৰীক্ষা কৰি থকা বুলি জানিব পৰা গৈছে। Share this:FacebookX Related Post navigation অজাপত চামিল অসম জাতীয় দলঃ বিজেপি চৰকাৰক উৎখাতৰ হুংকাৰ অজিত ভূঞা-ৰাজেন গোহাঁইৰ শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন